চিৰাঙত ইউপিপিএল দলৰ সংবাদমেল

WhatsApp Image 2020 08 30 at 3.26.58 PM

বিটিচিৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ পূৰ্বৰ প্ৰাৰ্থী হিতেশ কুমাৰ মছাহাৰী মৃত্যুৰ পিছত নতুনকৈ প্ৰাৰ্থীক ঘোষণা ইউপিপিএলৰ। উল্লেখ্য যে, বিটিচি পৰিষদীয় ১২ নং চালাকাটি সমষ্টিৰ ইউপিপিএলদলৰ প্ৰাৰ্থী হিতেশ কুমাৰ মুচাহাৰী দীৰ্ঘদিন ধৰি অসুস্থ থকাৰ পিছত যোৱা ২১ জুলাইত মৃত্যু ঘটে ।

তলাবন্ধৰ বাবে স্থগিত থকা বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ বাবে ছালেকাটী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী নথকাত ৰাজ‍্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আজি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক তথা ১৩ নং চিৰাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে সংবাদমেল যোগে আনুষ্ঠানিক ভাৱে প্ৰয়াত হিতেশ মুচাহাৰীৰ পুত্ৰ লাজু মুচাহাৰীক ১২ নং চালাকাটি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰে ।

বিটিচি পৰীষদীয় ৰ্নিবাচনৰ বাবে ইউপিপিএল দলে বিটিচিৰ ৪০ টা সমষ্টিতে প্ৰতিদ্বন্দীতাৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল তাৰে এজন আছিল ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী হিতেশ কুমাৰ মুছাহাৰী । প্ৰাৰ্থীগৰাকী মৃত্যু হোৱাৰ পিছতেই বিপাঙত পৰিছিল দলটোৱে। আৰু অৱশেষত নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আজি ঘোষণা কৰিলে দলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰীয়ে ।

হাগ্ৰামা মহিলাৰীক দুমূখীয়া আখ্যা দি তেওঁ কয় যে, বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত হাগ্ৰামাই কৈছিল এই চুক্তিৰ জৰিয়তে বিটিচিবাসীয়ে আগন্তক দিনত আৰু আগলৈ যাব পাৰিব বুলি। কিন্তু এইবাৰ ৰ্নিবাচনত বিপিএফ দলে পৰাজয়ৰ ভয়ত হাগ্ৰামাই আবোল তাবোল বকি আছে । হাগ্ৰামাৰ কথা এতিয়া বিটিচিৰ ৰাইজে বিশ্বাস নকৰে ।

হাগ্ৰামাই বিটিচিক ১৭ বছৰ শাসন কৰাৰ পিছতো ৰাইজে উন্নয়নৰ মুখ নেদেখিলে, গতিকে ৰাইজে এইবাৰ পৰিৰ্বতন বিচাৰিছে বুলি মন্তব্য মাউথি বহ্ম হাজোৱাৰীৰ। অঞ্জলি দৈমাৰী বিপিএফ দলত যোগদানৰ পিচতে বিটিআৰ সন্দৰ্ভত শেষতীয়াকৈ কৰি থকা মন্তব‍্য সন্দৰ্ভতো সমালোচনা কৰে ইউ পিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে ।

Exit mobile version