জন্মদিন পালন কৰি থাকোতেই প্ৰাণ গ’ল ২৯ জনৰঃ আহত বহুজন

i5pm1508 china restaurant

এখন ৰেষ্টুৰেণ্ট ভাঙি অতি কমেও ২৯ জন লোকৰ মৃত্যু ঘটিছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি জিয়াংফেন অঞ্চলৰ জুজিয়াং নামৰ এখন ৰেষ্টুৰেণ্টত এজন লোকৰ জন্মদিন উদযাপন কৰা হৈছিল । সেই পাৰ্টিটোত অংশ লৈছিল প্ৰায় ৭০০ জন লোকে । উক্ত জন্মদিনৰ পাৰ্টিত অভ্যাগতসকলে আনন্দ উপভোগ কৰি থকাৰ সময়তে হঠাতে ৰেষ্টুৰেণ্টৰ দুই মহলীয়া বিল্ডিঙটো খহি পৰে । ইয়াৰ পিছতেই ধ্বংসস্তূপত আৱদ্ধ হৈ পৰে লোকসকল ।

লগতে ৯০ জন লোক ধ্বংসস্তূপৰ তলত সোমাই পৰে । আজি বিয়লিলৈকে উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ তলত সোমাই পৰা ৯০ জন লোকৰ মাজৰ ২৯ জন লোকক মৃত অৱস্থাত আৰু অন্য ৬০ গৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰিছে । আহতসকলক ততালিকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ইপিনে আহতসকলৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।তদন্তকাৰী দলে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ৰেষ্টুৰেন্টখনৰ কৰ্তৃপক্ষকক জেৰা কৰি দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version