দুৰ্নীতিৰ নমুনা মধ্যপ্ৰদেশৰ চিবনী জিলাত

WhatsApp Image 2020 08 30 at 5.10.59 PM

শেহতীয়াকৈ দুৰ্নীতিৰ নমুনা ফুটি উঠিছে মধ্যপ্ৰদেশৰ চিবনী জিলাত ৷ কাৰণ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এখন দলং উদঘাটনৰ পূৰ্বেই নদীত উটি যায় ৷ মধ্য প্ৰদেশৰ হোৱা মূষলধাৰ বৰষুণৰ মাজত চিবনী জিলাত চুনবাৰা গাঁৱত নিৰ্মাণ কৰা এখন কোটি টকীয়া দলং পানীত উটি যোৱাৰ দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে ।

মন কৰিবলগীয়া কথাটো হ’ল এই দলং খন প্ৰায় এমাহ পূৰ্বে আৰম্ভ হৈছিল । অৱশ্যে লোকসকলে দলংখন উদ্ধোধনৰ পূৰ্বে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল । ইপিনে দলংখন নিৰ্মাণ হৈছিল ৩ কোটি ৭ লাখ টকা ব্যয়েৰে ৷ ২০১৮ৰ ১ ছেপ্তেম্বৰৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা দলংখনৰ নিৰ্মাণ কাৰ্য ৩০ আগষ্টত সম্পূৰ্ণ হোৱা কথা আছিল । কিন্তু ইয়াৰ পূৰ্বে দলংখন ভাগি যোৱাৰ দৃশ্যই চৰকাৰৰ দুৰ্নীতি বিৰোধী অভিযানক উপলুঙা কৰিছে ৷

Exit mobile version