উচ্চ ৰক্ত চাপ বিভিন্ন উপায়েৰে নিয়ন্ত্ৰণ কৰিব পাৰি ৷ উচ্চ ৰক্ত চাপে প্ৰায়ে নিৰৱ ঘাতকৰ ৰূপ লয় । কাৰণ উচ্চ ৰক্তচাপে নিৰৱে হৃদৰোগ হোৱাৰ ক্ষমতা বৃদ্ধি কৰে ৷ গতিকে উচ্চ ৰক্ত চাপক নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে পুষ্টিকৰ খাদ্যভাস গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়।
সমান্তৰালকৈ আমাৰ জীৱন ধাৰণৰ প্ৰণালীও পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় ।বহুতে উচ্চ ৰক্ত চাপৰ সমস্যাত ভূগি প্ৰশ্ন কৰে ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? কিন্তু আমি পুৱাৰ পৰা যেনেকৈ আমাৰ জীৱনটো আৰম্ভ কৰোঁ । তাৰ ওপৰতো উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত প্ৰভাৱ পৰে । ইয়াৰ ভিতৰত-
- পুৱাটো শাৰীৰিক ব্যায়ামেৰে আৰম্ভ কৰিব লাগে । কাৰণ নিয়মিত ব্যায়াম কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় । লগতে সাঁতোৰ, চাইকেল চলোৱা, খোজকঢ়া আদিও কৰিব পাৰে । ব্যায়ামে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।
- পুৱাৰ আহাৰ গ্ৰহণ কৰটো সকলোতকৈ প্ৰয়োজনীয় । প্ৰ’টিন যুক্ত আহাৰ গ্ৰহণ কৰাটো আমাৰ শৰীৰৰ কাৰণে জৰুৰী ৷ ফাইবাৰ, প্ৰ’টিনে স্বাস্থ্য ভালে ৰখাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে । গতিকে পনীৰ, এভ’কেড’, ফল আৰু শাকপাচলি গ্ৰহণ কৰাটো প্ৰয়োজনীয় ।
- বহু লোকেই পুৱাৰ আহাৰত চাহ বা কফি সেৱন কৰে ৷ গতিকে অত্যাধিক চাহ কফিয়ে স্বাস্থ্যৰ ক্ষতি সাধন কৰে ৷ গতিকে চাহ কফিৰ পৰিৱৰ্তে ফলৰ ৰস বা শাক পাছলি খাব পাৰে ৷
- উচ্চ ৰক্তচাপ হ্ৰাস কৰিবলৈ যোগাসন কৰাটো প্ৰয়োজনীয় । যোগে আমাৰ মনলৈ প্ৰশান্তি আনে । লগতে মানসিক চিন্তাই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো প্ৰভাৱ পেলাই ৷ গতিকে যোগাসন কৰাটো বহু প্ৰয়োজনীয়।
- উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে নিয়মিতভাৱে উচ্চ ৰক্তচাপ জুখিব লাগে ৷ ইয়াৰ দ্বাৰা উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰিবলৈ ল’বলগীয়া সাৱধানতা আগতীয়াকৈ ল’ব পাৰে ।