প্ৰধানমন্ত্ৰীৰ মন কী বাতক পুনৰ ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীৰ

26TH THGRP RAHUL 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পিছতে ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কয় যে দেশত যি সকলে NEET আৰু JEE পৰীক্ষা দিব বিচাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সেইসকলৰ লগত মতবিনিময় কৰাৰ পৰিৱৰ্তে শিশুসকলৰ খেলা বস্তুৰ সন্দৰ্ভতহে আলোচনা কৰিলে ৷

উল্লেখযোগ্য যে বিজেপিয়ে ২০১৪ ত লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ লগত চ্চাই পে চৰ্চা শীৰ্ষক কাৰ্যসূচীক দেশবাসীয়ে যথেষ্ট পছন্দ কৰিছিল । ইফালে ৰাহুল গান্ধীয়ে মোদীক NEET আৰু JEE পৰীক্ষাক লৈ পূৰ্বতেও কটাক্ষ কৰিছিল লগতে বহুতো প্ৰশ্ন কৰিছিল ।

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি কৈছিল যে ছাত্ৰ-ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত । গতিকে কেন্দ্ৰীয় চৰকাৰৰ অক্ষমতা এতিয়া সকলো ফালৰ পৰা দৃষ্টিগোচৰ হৈছে ।

উল্লেখযোগ্য যে আজি ৬৮ সংখ্যক মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না, আত্মনিৰ্ভৰশীল ভাৰত আৰু শিশুসকলৰ বিভিন্ন খেল, ভিডিঅ’ গেম আদিৰ বিষয়ে মন্তব্য কৰে ৷ লগতে মোদীয়ে কয় যে শিশুসকলে বিশেষকৈ কৰ’নাৰ সময়ত খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে । কাৰণ শিশুসকলৰ পুষ্টি অতিকৈ জৰুৰী । গৰ্ভৱতী মহিলাসকলৰ কাৰণে পুষ্টিকৰ আহাৰ খোৱাটো প্ৰয়োজন । লগতে এখন নিউট্ৰিশ্যন কাৰ্ড তৈয়াৰ কৰাৰো পোষকতা কৰে মোদীয়ে।

Exit mobile version