বিৰোধিৰ ক্ষোভৰ পিছত ৰাজ্যক জি এছ টি বকেয়া দিয়াৰ সিদ্ধান্ত

nirmala sitharaman fin pti

ৰাজ্যসমূহৰ তীব্ৰ হেচাঁৰ পাছত অৱশেষত কেন্দ্ৰীয় চৰকাৰে অানাদায় হৈ থকা সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি )ৰ প্ৰাপ্য আদায় দিব বুলি সন্মত হ’ল । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে প্ৰতিশ্ৰুতি দিয়ে যে কৰ’না পৰিস্থিতিত জি এছ টিৰ উপ কৰ সংগ্ৰহত ব্যাপক ঘাটি হোৱা সত্ত্বেও ৰাজ্যসমূহক প্ৰাপ্য আদায় দিয়া হ’ব । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়া জি এছ টি বৈঠকত কৰ’নাৰ পৰিস্থিতিক ভগৱানৰ ক্ৰিয়া বুলি অভিহিত কৰে ৷

পত্ৰত উল্লেখ কৰা হৈছে যে কৰ’না অতিমাৰীৰ ফলত কেন্দ্ৰীয় ৰাজকোষ বৃহৎ চাপৰ সন্মুখীন হৈছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ পৰ্যায়ত সম্ভৱপৰ ঋণ গ্ৰহণৰ দৰে বিষয়ৰ পৰা কেন্দ্ৰীয় পৰ্য়ায়ত আঁতৰি থাকিব বিচাৰে ৷ কৰ’না ভাইৰাছৰ প্ৰকোপত দেশত সৃষ্টি হোৱা নজিৰবিহীন অৰ্থনৈতিক চাপ আৰু কেন্দ্ৰৰ আয় ব্যাপকভাৱে হ্ৰাস জি এছ টি ক্ষতিপূৰণৰ আদায় দিব বুলি পত্ৰত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে ৷

আনহাতে দুসপ্তাহৰ ভিতৰত প্ৰতিখন ৰাজ্যক একোখন প্ৰপত্ৰ পূৰণৰ জৰিয়তে এই বিষয়ে মতামত বিচৰা হৈছিল । সেইমৰ্মে অহা পহিলা ছেপ্তেম্বৰত কেন্দ্ৰীয় বিত্ত সচিব আৰু ব্যয় সচিবে ৰাজ্যসমূহৰ প্ৰশ্নৰ উত্তৰ দিবলৈ এক অনলাইন বৈঠকত মিলিত হ’ব। কেন্দ্ৰৰ দ্বাৰা প্ৰস্তাৱিত বিকল্পৰ সন্দৰ্ভত উত্তৰ দিব দুই বিষয়াই।

দ্বিতীয়তে অন্য কোনো উৎসৰ পৰা ৰাজ্যসমূহে মূলধন পৰিশোধ কৰিব নালাগে ৷ জি এছ টি ক্ষতিপূৰণৰ বকেয়া সম্পূৰ্ণ ৰূপে আদায় নিদিয়া পৰ্যন্ত ভাৰত চৰকাৰে উপ কৰ ক্ষতিপূৰণ আদায়ৰ ম্যাদ বৃদ্ধি কৰি ৰাজ্যলৈ সহায় আগবঢ়াই যাব ৷

মন কৰিব লগীয়া যে দেশৰ এন্টনী জেনেৰেল কে চি বেণুগোপালৰ পৰাও কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে মতামত বিচাৰিছিল আৰু তেৱো জি এছ টিৰ বকেয়া আদায় দিয়াৰ পক্ষতে মত প্ৰকাশ কৰিছিল। এৰ্টণী জেনেৰেলৰ এই প্ৰস্তাৱ মানি লোৱা হৈছে বুলি কেন্দ্ৰৰ চিঠিত উল্লেখ কৰা হৈছে।

Exit mobile version