বোকাজানৰ খটখটীত ত্ৰিছ লক্ষাধিক টকাৰ গাঞ্জা জব্দ

WhatsApp Image 2020 08 30 at 7.25.33 PM

বোকাজানৰ খটখটী আৰক্ষীয়ে আজি এক বৃহৎ সফলতা অৰ্জন কৰে ৷ খটখটী থানাৰ অন্তৰ্গত বিনোদ চাৰ্ভিছিং চেন্টাৰ নামৰ এটা চাৰ্ভিছিং পইণ্টৰ পৰা ৰখাই থোৱা এখন ট্ৰাকৰ কৰা চাৰি কুইণ্টলকৈ অবৈধ গাঞ্জা জব্দ কৰে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি এন.এল.০১এ.ডি.৭৬৭০ নম্বৰৰ এখন ট্ৰাক তিনিদিন ধৰি উক্ত চাৰ্ভিছিং চেন্টাৰত ৰখাই থোৱাত আৰক্ষীৰ সন্দেহ ঘনীভূত হৈ ট্ৰাকখনৰ তালাচী চলায় ৷

আৰক্ষীৰ উপস্থিতিৰ উমান পাই গাড়ীৰ চালক আৰু হেণ্ডিমেনে পলাই যায় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ পিছত আৰক্ষীৰ তালাছীত ট্ৰাকখনৰ ওপৰৰ কেবিনত বিশেষ কৌশলেৰে অনা বৃহৎ সংখ্যক গাঞ্জাৰ টোপোলা উদ্ধাৰ কৰে যাৰ ওজন চাৰি কুইণ্টল ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ত্ৰিছ লক্ষাধিক ৷

ইপিনে আৰক্ষীয়ে ব্যক্ত কৰে যে ট্ৰাকখন মণিপুৰৰ পৰা গুৱাহাটীলৈ আহি খটখটীত সেউজ সংকেতৰ বাবে অপেক্ষা কৰি আছিল ৷ এই পর্যন্ত আৰক্ষীয়ে সম্পূৰ্ণ বিষয়টোৰ ওপৰত অনুসন্ধান অব্যাহত ৰাখিছে ৷

Exit mobile version