আকোৰগোঁজ চীন

নিজৰ আকোৰগোঁজ স্থিতিৰ পৰা বাহিৰলৈ অহাৰ নামেই নুশুনে আগ্ৰাসনবাদী ৰঙা চীনে ৷ কাৰণ পুনৰ গালৱান সংঘৰ্ষৰ ৭৫ দিনৰ পিছত লাডাখত চীনৰ সৈন্য আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষৰ খবৰ পোৱা গৈছে। ভাৰতীয় সেনাৰ অনুসৰি ২৯ আগষ্টৰ নিশা চীনা সৈন্যই পূব লাডাখৰ ভাৰতত সোমাবলৈ চেষ্টা কৰে । কিন্তু ভাৰতীয় সেনাই চীনা সৈন্যৰ এই চেষ্টাক বাস্তৱত ৰূপায়িত হ’ব নিদিলে ।

আনহাতে, ইতিমধ্যে চীনে লাডাখৰ সীমান্তত জে -২০ যুদ্ধ বিমানো সাজু কৰি ৰাখে ৷ ভাৰতীয় সেনাৰ মতে “আমাৰ সেনাই কথা বাৰ্তাৰ জৰিয়তে শান্তি আনিব জানে । আমি সীমাৰ সুৰক্ষা কৰিবও জানো ।” ইপিনে ১৫ জুনত লাডাখৰ গালৱান উপত্যকাত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱান শ্বহীদ হোৱা পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল । এনে সময়তে পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে ।

গালৱান উপত্যকাত হোৱা সংঘৰ্ষৰ পিছত বিবাদিত অঞ্চলৰ পৰা সৈন্যক আঁতৰোৱাৰ কাৰণে ভাৰত চীন সেনাৰ মাজত দুবাৰকৈ বৈঠক হয় । এই বৈঠক ৩০ জুন আৰু ৪ আগষ্টত মাল্ডোত হৈছিল যদিও ইয়াৰ কোনো প্ৰভাৱ পৰা দেখা নগ’ল ৷ উল্লেখ্য ১৫ জুনৰ সংঘৰ্ষত বহু কেইজন চীনৰ সেনাও নিহত হৈছিল যদিও সেই কথা চীনে ৰাজহুৱা কৰা নাই।

Exit mobile version