- অসম বিধান সভাৰ ’২১ৰ নিৰ্বাচনত কংগ্ৰেছে মহাজোঁট গঠন কৰিব।এই মন্তব্য নগাওঁ লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷ তেওঁ লগতে কয় যে এই মহাজোঁটত এ আই ইউ ডি এফৰ উপৰি চি পি আই, চি পি আই (এম) আদি দলেও কংগ্ৰেছৰ সৈতে সহযোগ কৰিব ৷
- ক’ৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে বিশ্বৰ তৃতীয় সৰ্বাধিক প্ৰভাৱিত দেশ হিচাপে পৰিগণিত হ’ল ভাৰত । আনহাতে ক’ৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ফালৰ পৰাও ভাৰতে মেক্সিকোক অতিক্ৰম কৰি তৃতীয় স্থানত উপনীত হয়।
- মহামাৰী ক’ভিড-১৯ৰ মাজতে মেঘালয়ৰ তিনিটা পৰ্যটনস্থলী ১ ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ’ব ৷ এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।আনহাতে মুকলি কৰা তিনিটা পৰ্যটনস্থলী স্থানীয় পৰ্যটকৰ বাবেহে বুলি মেঘালয় চৰকাৰে জনায় ।
- আজিৰে পৰা চাৰিদিনীয়া কৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন । অধিৱেশনৰ পূৰ্বে বিধানসভাত কৰা হৈছে কৰ’না পৰীক্ষা।এইবাৰ বিধানসভাত তৰুণ গগৈ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অজন্তা নেওগে আদি কৰি বহু বিধায়ক বিধায়িকা উপস্থিত থাকিব নোৱাৰিব।
- JEE আৰু NEET পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে ব্যৱস্থা কৰিছে বিনামূলীয়া যাতায়তৰ। শিক্ষাৰ্থীসকলে এই সুবিধা চৰকাৰৰ এটা পৰ্টেলত নাম পঞ্জীয়নৰ জৰিয়তে লাভ কৰিব পাৰিব।
- কাশ্মীৰৰ স্বাধীনতাৰ বাবে পাকিস্তান সদায় কাশ্মীৰী জনতাৰ ওচৰত থাকিব।পাকিস্তানৰ এই মন্তব্যৰ পিছতেই কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই কয় যে তেওঁলোক কাৰো হাতৰ পুতলা হৈ থাকিব নিবিচাৰে । লগতে তেওঁ পাকিস্তানক এনে হিংসা বন্ধ কৰিবলৈ সকিয়াই দিয়ে।
- ভাৰত-চীন সংঘাতৰ নতুন ইংগিত বহন কৰি ভাৰতীয় নৌসেনাৰ ফালৰ পৰা এখন অত্যাধুনিক যুদ্ধজাহাজ দক্ষিণ চীন সাগৰত মোতায়েন কৰা হৈছে।এই সন্দৰ্ভত চীনৰ ফালৰ পৰা তীব্ৰ আপত্তি জনোৱা হৈছিল যদিও ভাৰতে তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।
ADVERTISEMENT