ধৰাশায়ী মোদীৰ মন কী বাত

77843922

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৮ সংখ্যক মন কী বাত ইউটিউবত ধাৰাশায়ী হৈ পৰিছে । কাৰণ দেওবাৰে সম্প্ৰচাৰিত হোৱা মোদীৰ মন কী বাত ৬৬ হাজাৰ লোকে লাইক কৰাৰ বিপৰীতে প্ৰায় চাৰে চাৰি লাখতকৈ অধিক ডিচলাইক লাভ কৰিছে ৷

মোদীয়ে কৈছিল “আত্মনিৰ্ভৰশীল ভাৰতত পুতলা উদ্যোগে বৃহৎ ভূমিকা লৈছে । বিশ্বত ৭ লাখ কোটিৰ পুতলা বজাৰৰ উদ্যোগ আছে । কিন্তু এই পুতলা উদ্যোগত ভাৰতৰ অংশীদাৰিত্ব কম । অসহযোগ আন্দোলনত গান্ধীজীয়ে কৈছিল যে এই আন্দোলন ভাৰতীয়সকলৰ আত্মবিশ্বাস বঢ়োৱাৰ আন্দোলন । এনেকৈয়ে আমি এদিন আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ চেষ্টা কৰিম।”

ইপিনে মোদীৰ মন কী বাতৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে NEET আৰু JEE ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ সন্দৰ্ভত আলোচনা কৰাটো বিচাৰিছিল । কিন্তু মোদীয়ে পুতলা উদ্যোগৰ সন্দৰ্ভত আলোচনা আগবঢ়ালে । আনহাতে সম্প্ৰতি মোদীৰ মন কী বাতৰ ইউটিউব ভিডিঅ’টিত কমেন্ট চেকশ্বনটো বন্ধ কৰি দিয়া হৈছে ।

Exit mobile version