ন্যায়ালয় আৰু ন্যায়াধীশক অৱমাননা কৰাৰ অপৰাধত উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১ টকাৰ জৰিমনা বিহিছে ৷ আনহাতে ১৫ ছেপ্টেম্বৰৰ ভিতৰত যদি প্ৰশান্ত ভূষণে জৰিমনা আদায় নিদিয়ে তেন্তে ৩ মাহলৈ কাৰাবাস হ’ব পাৰে । লগতে ৩ মাহ পৰ্যন্ত ন্যায়ালয়ত প্ৰেক্টিছ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰিব পাৰে ন্যায়ালয়ে ৷
ইয়াৰ লগে লগে প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক আদৰি লয়। লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে ১ টকা জৰিমনা আদায় দিয়ে প্ৰশান্ত ভূষণে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ তিনিটা মন্তব্য আছিল এনেধৰণৰ-
- ন্যায়াধীশ অৰুণ মিশ্ৰাৰ বিচাৰ পীঠে কয় যে মত প্ৰকাশৰ অধিকাৰত কোনেও হেচা প্ৰয়োগ কৰিব নোৱাৰে । কিন্তু অন্য এজনৰ অধিকাৰৰ সন্মান কৰাটো প্ৰয়োজনীয়।
- প্ৰশান্ত ভূষণে ন্যায়ালয়ত যিটো মন্তব্য দিছিল ৷ সেয়া সংবাদমাধ্যমত প্ৰথমতেই প্ৰচাৰ কৰা হৈছিল।
- আনহাতে ন্যায়ালয় আৰু মুখ্য ন্যায়াধীশৰ সন্দৰ্ভত সমালোচনা কৰাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে ১৪ আগষ্টত প্ৰশান্ত ভূষণক বিনা চৰ্তে ক্ষমা কৰিবলৈ সুবিধা প্ৰদান কৰিছিল । কিন্তু প্ৰশান্ত ভূষণে ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছিল । ভূষণে কয় যে যদি ক্ষমা খোজে তেন্তে অন্তৰাত্মা আৰু ন্যায়ালয়ৰ অপমান হ’ব ৷