২৩.৯ শতাংশলৈ হ্ৰাস পালে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন

8tv8isig india economy

পূৰ্বৰে পৰা থকা আশংকা প্ৰতিফলিত কৰি ৪০ বছৰ পাছত পুনৰ দেশৰ ঘৰুৱা মুঠ উৎপাদনৰ হাৰ শূন্যৰ তললৈ নামিল। আজি প্ৰকাশিত তথ্য অনুসৰি এপ্ৰিল জুনৰ এই সময়ছোৱাত জি ডি পি ২৩.৯ শতাংশ সংকোচিত হ’ল ।আজি বিয়লি নেচনেল ষ্টেটিষ্টিকেল অফিচৰ তৰফৰ পৰা ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহ অৰ্থাৎ এপ্ৰিলৰ পৰা জুনৰ প্ৰকাশিত এই আৰ্থিক বৃদ্ধিৰ হাৰে দেশৰ অৰ্থনীতিৰ ভয়াৱহতাক সূচাইছে ।

সোমবাৰে চৰকাৰৰ ফালৰ পৰা মুঠ ঘৰুৱা উৎপাদনৰ পৰিসংখ্যা জাৰি কৰা হয় । ২১লাখ কোটি টকাৰ বিত্তীয় সহায়তাৰ বাহিৰেও কৰ’নাৰ মহামাৰীৰ কাৰণে ব্যৱসায় আৰু মানুহৰ জীৱনৰ ওপৰত প্ৰভাৱ পৰে । ভাৰতে ১৯৯৬ ৰ পৰা মুঠ ঘৰুৱা উৎপাদনৰ পৰিসংখ্যা দি আহিছে ৷

কিন্তু সাম্প্ৰতিক মুঠ ঘৰুৱা উৎপাদনৰ পৰিসংখ্যা অত্যন্ত শোচনীয়৷ভাৰতৰ আৰ্থিক অৱস্থাক সুস্থিৰ কৰিবলৈ চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা চেষ্টা কৰি থকা হৈছে ।

এই সন্দৰ্ভত উপদেষ্টা কে সুব্ৰমণিয়ামে প্ৰথম তিনিমাহত মুঠ ঘৰুৱা উৎপাদনৰ অডিঅ’ জাৰি কৰি কয় “এপ্ৰিলৰ পৰা জুনলৈ তিনিমাহ তলাবন্ধ আছিল ৷ সকলো আৰ্থিক গতিবিধিও বন্ধ হৈ গৈছিল ৷ বিগত তিনিমাহত মুঠ ঘৰুৱা উৎপাদন অনুমান কৰাৰ দৰে হ্ৰাস পাইছে।”

Exit mobile version