অখিলৰ আইনী যুঁজলৈ জুবিন গাৰ্গ নেতৃত্বাধীন কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে আগবঢ়ালে অনুদান

download

কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ আইনী যুঁজলৈ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনে আগবঢ়ালে আৰ্থিক সাহায্য । জুবিন গাৰ্গ নেতৃত্বাধীন ফাউণ্ডেছনে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে এই আইনী যুঁজলৈ ।

উল্লেখ্য যে বিগত ৯ মাহ ধৰি কাৰাবন্দী হৈ আছে কৃষক নেতাজনৰ মুক্তিৰ বাবে গুৱাহাটী উচ্চতম ন্যায়ালত আৱেদন জনোৱাৰ প্ৰস্তুতি চলাই আছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে আৰু ইয়াৰ বাবেই অসমবাসীৰ ওচৰত আইনী সাহায্য বিচাৰিছিল সংগঠনটোৱে । অসমবাসীয়ে সংগঠনটোৰ আহ্বানলৈ সঁহাৰি জনাই বিগত দুটা সপ্তাহতে প্ৰায় ২২ লাখৰো অধিক টকা জমা হৈছে ।

Exit mobile version