চীনা সৈন্যৰ ভাৰতৰ সীমা আগ্ৰাসনৰ দুদিন পিছতে ভাৰতীয় সেনাই সদৰী কৰিছে যে লাডাখৰ পাংগং হ্ৰদত সম্পূৰ্ণৰূপে ভাৰতৰ অধীনত আছে ৷ ইয়াৰ বহু ঠাইত ভাৰতীয় আৰ্মীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ লগতে ভাৰতীয় সেনাই কয় ” এলঅচিক লৈ ভাৰতৰ স্থিতি দৃঢ় আছে কাৰণেই সম্প্ৰতি ভাৰতীয় সেনাই নিজৰ দায়িত্ব পালন কৰিছেে ৷”
আনহাতে ভাৰতীয় সেনাৰ মত অনুসৰি চীনে পাহাৰীয়া অঞ্চলসমূহত কেমেৰাকে ধৰি সকলোধৰণৰ যাৱতীয় যন্ত্ৰ পাতি ভাৰতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সাজু কৰি থৈছিল । কিন্তু ভাৰতীয় সেনাই চীনৰ কেমেৰাকে ধৰি এই সমূহ যন্ত্ৰলৈ কেৰেপ নকৰি বিবাদিত অঞ্চল নিজৰ অধীনলৈ আনে ৷ ইয়াৰ পিছতে চীনে ভাৰতীয় সেনাই অধীনলৈ অনা স্থানৰ পৰা কেমেৰাকে আদি কৰি সকলো বস্তু আঁতৰাই আনে ।
আনহাতে চীন ভাৰতৰ এই সংঘৰ্ষৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে এই সমগ্ৰ বিষয়টো আলোচনা কৰে ৷ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উচ্চস্তৰৰ বৈঠক কৰিব পাৰে বুলিও সদৰী কৰে । ইয়াৰ মাজতে দুয়োখন দেশৰ সেনাৰ ইখনৰ পিছত সিখন উচ্চস্তৰৰ বৈঠক অনুষ্ঠিত হৈছে ।
উল্লেখযোগ্য যে আগ্ৰাসনী চীনে ২৯ আৰু ৩০ আগষ্টৰ নিশা প্ৰায় ৫০০ সৈনিকেৰে ভাৰতত প্ৰবেশৰ চেষ্টা কৰে যদিও বিফল হয় । প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে “আমাৰ সেনাই শান্তি বিচাৰে যদিও সীমা সুৰক্ষা কৰিব জানে ৷”