ভাৰতীয় জনতা পাৰ্টি সাগৰৰ তলিৰ নিৰবিচ্ছিন্ন ঢৌঃ ৰঞ্জিত দাস

WhatsApp Image 2020 09 01 at 3.45.17 PM

ভাৰতীয় জনতা পাৰ্টি সাগৰৰ তলিৰ নিৰবিচ্ছিন্ন ঢৌ ৷ সাগৰৰ ওপৰত ঢৌ আহে আৰু মাৰ যায় ৷ কিন্তু তলিৰ ঢৌ নিৰবিচ্ছন্নভাৱে বৈ থাকে । এই মন্তব্য ৰঞ্জিত দাসৰ ৷ আজি ভাৰতীয় জনতা দলৰ অসম ৰাজ্যিক কমিটীৰ উদ্যোগত প্ৰতি মাহৰ ১ তাৰিখে “বিজেপি বাৰ্তা” উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে ড° দেবব্ৰত বৰকটকী আৰু অন্যান্য বহু ব্যক্তি ৷

এই অনুষ্ঠানত সোমবাৰে মৃত্যু হোৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীলৈ শ্ৰদ্ধাঞ্জলী জনায় । লগতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কয় যে নাগৰিকত্ব সংশোধনী আইন এতিয়া মানুহে বুজি পাইছে ৷ ৰাজ্যৰ খিলঞ্জীয়াই মাটি পাবই লাগিব ৷ এইয়া বিজেপি অংগীকাৰ । সৰ্বানন্দ সোনোৱাল চৰকাৰে ১ লাখ খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কাৰণ খিলঞ্জীয়াসকলৰ মাটি আছে পট্টা নাই । এতিয়ালৈকে ৪৫,২১২ টা পৰিয়ালক মাটিৰ পট্টা দিয়া হৈছে ।

আনহাতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদক জনজাতিকৰণৰ কাৰণে ১১ খনকৈ সভা অনুষ্ঠিত কৰা হৈছে । ৬ জনগোষ্ঠীক জনজাতিকৰণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ কৰাৰ কথা সদৰী কৰে ৰঞ্জিত দাসে ৷

ইফালে চৰকাৰে মহিলাসকলৰ সবলীকৰণৰ কাৰণে লোৱা অৰুণোদয় আঁচনিৰ কথা কয় ৰঞ্জিত দাসে । পুৰুষতান্ত্ৰিক সমাজত মহিলা উন্নীতকৰণত বিশেষ প্ৰাধান্য দিছে চৰকাৰে । লগতে অৰণোদয় আঁচনিৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৰঞ্জিত দাসে ।

Exit mobile version