অনাগত দুমাহলৈ নুনুমায় বাঘজানৰ জুই

ddddddddddddd

অনাগত দুমাহলৈ নুনুমায় বাঘজানৰ পাঁচ নম্বৰ তৈলখাদত লগা জুই । অনাগত সময়ত কানাডাৰ পৰা প্ৰয়োজনীয় যন্ত্ৰ পাতি সহ এটি বিশেষজ্ঞৰ দল বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ অসমলৈ আহিব । সম্প্ৰতি স্নাবিং অপাৰেশ্যন কাৰ্যকৰী নোহোৱালৈকে তৈল কূপৰ পৰা গেছ আঁতৰাই লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে ।

দাঁতিকাষৰীয়া ই পি এছৰ ক্ষমতা এই কূপৰ পৰা আটাইখিনি গেছ উৎপাদনৰ বাবে পৰ্যাপ্ত নহয় সেয়েহে বি অ’ পি আৰু গ্ৰাউণ্ড এক্সমাছ মাধ্যমৰে এই গেছ আঁতৰাই দিয়াৰ বাবে সুকীয়া ব্যৱস্থা BOP হাতত লোৱা হৈছে ৷

উল্লেখযোগ্য যে ২৭ মে’ত বাঘজান তৈল খাদৰ পৰা প্ৰাকৃতিক গেছ আৰু তৈল নিগমৰ্ণ হয় । বাঘজানৰ পাঁঁচ নম্বৰ তৈল কূপৰ পৰা লগা জুইত ক্ষতি হয় বহু পৰিয়াল । ইতিমধ্যে বাঘজানৰ জুই নুমুৱাৰ কাৰণে পানী আৰু পাম্পচেট, BOP স্থাপন, খাদৰ পৰা ২০-২৫ মিটাৰ আঁতৰত যন্ত্ৰ স্থাপন আৰু বোকা নিয়ন্ত্ৰণ কৰা আদি পদক্ষেপসমূহ লোৱা হৈছে ।

লগতে চিংগাপুৰ, আমেৰিকা, কানাডা আদিৰ বিশেষজ্ঞসকলক বিমানযোগে বাঘজানৰ পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ আহে যদিও কোনোধৰণৰ পৰিৱৰ্তন নাহিল বাঘজানলৈ ৷

Exit mobile version