অসন্তুষ্ট ট্ৰাম্প প্ৰশাসনঃ কৰ’না ভেকচিন প্ৰসাৰৰ ক্ষেত্ৰত কোনো সহযোগ নকৰে আমেৰিকাই

donald trump 16

শেহতীয়াকৈ ট্ৰাম্প প্ৰশাসনে কয় যে তেওঁলোকে বিশ্বত কৰ’না ভাইৰাছৰ ভেকচিন প্ৰসাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংগঠন জৰিত থকাৰ কাৰণে কোনো ধৰণৰ সহযোগ নকৰে ৷

প্ৰায় ১৭০ খন দেশে কৰ’না ভেকচিনৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা লৈছে যাতে ভেকচিনসমূহে মানৱ শৰীৰক সুস্থ আৰু সুৰক্ষিত কৰে ।

কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই সহযোগ নকৰে ৷কাৰণ হুৱাইট হাউচে কোনো কাৰণতে বিশ্ব স্বাস্থ্য সংস্থাৰ লগত কাম কৰিব নিবিচাৰে। ইফালে সাম্প্ৰতিক বিশ্বৰ পৰিস্থিতিক লৈ ড’নাল্ড ট্ৰাম্পেও চীনক সমালোচনা কৰি আহিছে।

লগতে ট্ৰাম্পে কৰ’না ভাইৰাছ বিশ্বত বিয়পি পৰাৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থা আৰু চীন মিলিত হৈ আছে বুলি মত প্ৰকাশ কৰি আহিছে৷

উল্লেখযোগ্য যে চিৰাম ইনষ্টিটিউটে দেশৰ ১৭ খন ৰাজ্যত অক্সফ’ৰ্ড ইউনিভাৰ্চিটিৰ ভেকচিন পৰীক্ষণ কাম আৰম্ভ কৰিছে। আনহাতে কৰ’নাত প্ৰতিদিনে বাঢ়ি অহা পৰিসংখ্যা লক্ষ্য কৰিলে সম্প্ৰতি দেশবাসী কৰ’নাৰ ভেকচিন কেতিয়া উদ্ভাৱন হ’ব সেই সন্দৰ্ভত উৎসুক হৈ পৰিছে।

আনহাতে ৰাছিয়াই কৰ’নাৰ ভেকচিন উদ্ভাৱন কৰি সকলোকে সচকিত কৰি তুলিছে ৷কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বিশেষজ্ঞসকলে ৰাছিয়াৰ ভেকচিনক বিশ্বাসত ল’ব পৰা নাই। কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ কন্যাৰ শৰীৰত কৰ’নাৰ ভেকচিন প্ৰয়োগ কৰি ভেকচিন ৰাছিয়াৰ ভেকচিন সুৰক্ষিত বুলি দাবী কৰিছে৷

আনহাতে দেশত কৰ’নাৰ পৰীক্ষাত ১৬০০ জন লোকে ভাগ ল’ব ৷লগতে পৰীক্ষণ কৰা লোকসকলৰ বয়স হ’ব লাগিব ১৮বছৰতকৈ অধিক। চিৰাম ইনষ্টিটিউটে উন্নত পৰীক্ষাৰ কাৰণে ১৭ টা স্থানক মনোনীত কৰিছে ৷

তাৰ ভিতৰত আছে দিল্লী এইমচ,পুণেৰ বি জে মেডিকেল কলেজ,পাটনাৰ ৰাজেন্দ্ৰ মেমোৰিয়েল ৰিচাৰ্চ ইনষ্টিটিউটত অফ মেডিকেল চাইন্স আদি ৷

Exit mobile version