চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

ফেচবুক সদায় নিৰপেক্ষ হৈ থকা উচিত বুলি এখন পত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰে ৷ৰবিশংকৰ প্ৰসাদে ফেইচবুকৰ জেষ্ঠ কৰ্মচাৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সকলক গালি পৰা বুলি অভিযোগ তুলি ফেইচবুকৰ মুখ্য কাৰ্য্যবাহী মাৰ্ক জুকাৰবাৰ্গলৈ পত্ৰ প্ৰেৰণ কৰিছে।

বিধান সভাৰ অধিৱেশনৰ তৃতীয় দিনাও উত্তাল হ’ল লাষ্টগেট ৷আৰ্থ-সামাজিক জৰীপ আৰম্ভ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।লগতে তেওঁলোকে পাচঁ দফীয়া দাবীৰ সমৰ্থনত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

গোলাঘাটত স্থাপন কৰা  হ’ব বীৰাংগনা সতী  সাধনী বিশ্ববিদ্যালয় ৷আজি সদনত এই সন্দৰ্ভত উত্থাপন হয় বিধেয়ক ৷লগতে সদনত বিধেয়ক গৃহীতও হয় বিধেয়কখন।আনহাতে নতুন শিক্ষানীতিৰ আধাৰত হ’ব বিশ্ববিদ্যালয়খন ৷

পৰামৰ্শ দাতা কমিটীয়ে দাখিল কৰিলে ৪৫ পৃষ্ঠা জোৰা  প্ৰতিবেদন ৷পৰামৰ্শদাতা কমিটিৰ হৈ অধ্যাপক বসন্ত ডেকা আৰু ড: কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই দাখিল কৰে প্ৰতিবেদন ৷প্ৰতিবেদন গ্ৰহণ কৰে আছু-যুৱ ছাত্ৰৰ নেতৃত্বই ।

ক্ষমতাৰ লালসাত দক্ষিণ কোৰিয়াৰ শাসক কিম জং উনে নিজ ভগ্নী কিম জং ইয়োক হত্যা কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ ২৭ জুলাইৰ পৰা কিম জং উনৰ ভগ্নী কিম জং ইয়োক কোনেও প্ৰত্যক্ষ কৰা নাই। কিম জং উনৰ অসুস্থতাৰ বাবে ভগ্নী কিম জং ইয়োক দেশখনৰ ‘ছেকণ্ড ইন কমাণ্ড’ হিচাপে নিযুক্ত কৰা হৈছিল।

আজি পাকিস্তানৰ সেনাৰ আক্ৰমণত নিহত হয় ভাৰতীয় সেনাৰ এজন জুনিয়ৰ কমিছনড পদবীৰ সেনা বিষয়াপাকিস্তানৰ সেনা আৰু ভাৰতীয় সেনাৰ মাজত সংঘৰ্ষত নিহত হয় ভাৰতীয় সেনাৰ বিষয়া ৰাজেশ কুমাৰ৷

GST ৰ বিষয়ত দেশৰ ছখন অনা বিজেপি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে। মুখ্যমন্ত্ৰীসকলে এই পত্ৰৰ দ্বাৰা কেন্দ্ৰক সাংবিধানিক কৰ্তব্য আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিকল্প ব্যৱস্থা ল’বলৈ আহ্বান কৰিছে।

Exit mobile version