তামিলনাডুত বিজেপিৰ প্ৰচাৰৰ অস্ত্ৰ হ’ব ‘মোদী ইডলি’

Screenshot 43

তামিলনাডুত ‘আম্মা কেন্টিন’ক প্ৰত্যহ্বান জনাবলৈ সাজু হৈছে ‘মোদী ইডলি’ । ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলবিলাকে কঁকালত টঙালি বন্ধাৰ সময়তে ৰাজ্যিক বিজেপিয়ে ভোটাৰৰ মন জয় কৰিবলৈ গ্ৰহণ কৰিছে এই বিশেষ কৌশল ।

ভোটাৰৰ ওচৰ চাপিবলৈ তামিলনাডু ৰাজ্যিক বিজেপিয়ে পৰিকল্পনা গ্ৰহণ কৰিছে মোদী ইডলিৰ মাধ্যমত । ৰাজ্যখনৰ চালেমত ইতিমধ্যে মোদী ইডলি ৰাইজৰ হাতত তুলি দিয়াও হৈছে । ১০ টকাত চাৰিটা ইডলিৰ লগতে দিয়া হৈছে চাম্বৰ । মোদী ইডলিৰ বাবে সমগ্ৰ তামিলনাডু বিধানসভাৰ নিৰ্বাচন সমাগত যদিও দক্ষিণ ভাৰতৰ এই ৰাজ্যখনত বিজেপিৰ তেনেকৈ গণভিত্তি নাই ।

মোদী ইডলি ৰাইজে লাভ কৰিব পৰাকৈ প্ৰাথমিকভাৱে ৰাজ্যখনত ২২খন দোকান মুকলি কৰা হ’ব । ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আম্মা কেণ্টিন বিপুলভাৱে জনপ্ৰিয় হৈছিল । সেয়েহে এ আই এ ডি এম কে ৰাজ্যখনৰ পৰা উৎখাত কৰিবলৈ ৰাজ্যিক বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Exit mobile version