দানকৰ্তাসকলৰ নাম প্ৰকাশত ভয় কিয়?

chidambaram1 pti

ক’ভিড-১৯ৰ সংকটৰ পৰিপ্ৰেক্ষিতত তৈয়াৰ কৰা পি এম কেয়াৰ ফাণ্ডত ১৫ দিনত ৩,০৭৬ কোটি টকা জমা হয় । এই বৃহৎ পৰিমাণৰ ধন পি এম কেয়াৰ ফাণ্ডত ২৭ ৰ পৰা ৩১ মাৰ্চৰ ভিতৰত জমা হৈছে । ৩,০৭৬ কোটি টকাৰ ৩,০৭৫.৮৫ টকা দেশীয় ৷ আনহাতে ৩৯.৬৭ লাখ টকা বিদেশৰ পৰা উপাৰ্জন কৰা ৷

অন্যহাতে অডিট ষ্টেটমেণ্টত চৰকাৰে দেশীয় আৰু বিদেশী দানকৰ্তাসকলৰ তথ্য চৰকাৰে দিয়া নাই । প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে এক টুইট যোগে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । পি চিদাম্বৰমে প্ৰশ্ন কৰে যে দানকৰ্তাসকলৰ নাম কিয় ৰাজহুৱা কৰা নাই । কাৰণ এন জি অ’ বা ট্ৰাষ্টক এক সীমাৰ ভিতৰত অধিক ধন প্ৰদান কৰিলে দানকৰ্তাসকলৰ নাম প্ৰকাশ কৰিবলৈ তেওঁ বাধ্য । গতিকে এই ক্ষেত্ৰত পি এম কেয়াৰ ফাণ্ডৰ হেমাহি কিয় ?

উল্লেখযোগ্য যে ক’ভিড-১৯ মহামাৰীৰ সময়ত চৰকাৰৰ পি এম কেয়াৰ ফাণ্ডত লোকসকলে মহামাৰীৰ লগত যুঁজ দিবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছিল ।

Exit mobile version