হাগ্ৰামা প্ৰায় নিঃশেষ

0fa85268 ba6b 4498 8755 49bbca64caea

এক অস্তিত্বহীন ব্যক্তি পৃথ্বীৰাজ নাৰায়ণ দেৱ ।সকলোৱে তেওঁৰ বিষয়ে জানে ৷আৰু দেখি আছে তেওঁ কি ধৰণৰ কাম কৰি আছে। আজি চিৰাঙত ইউ পি পি এলৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাৰ ৷বিটিছিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে ইউপিপিএল দলৰ পৰা প্ৰতিদ্বন্দিতা কৰা ৰঞ্জিত বসুমতাৰীয়ে কয় “মই স্বাৰ্থপৰ হওঁ তেন্তে ৯ দিন পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে মোক ১৫ কোটি টকা দিব বিচাৰিছিল আৰু ইউ পিপি এলত থাকি কাম নকৰিবলৈ কৈছিল ৷

কিন্তু মই সেয়া গ্ৰহণ কৰা নাই। মই স্বাৰ্থপৰ হ’লে নিশ্চয় গোপনে সেয়া গ্ৰহণ কৰিব পাৰিলোহেতেন।” লগতে ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই কয় যে ইউ পি পি এলত থাকি পৃথ্বীৰাজ নাৰায়ণে ব্যৱহাৰ কৰি থকা ক’লা ৰঙৰ গাড়ীখন বিপিএফে দিয়া ৷এই সন্দৰ্ভত মোৰ ওচৰত প্ৰমাণ আছে ৷

আনহাতে অঞ্জলি দৈমাৰীৰ সন্দৰ্ভত মন্তব্য কৰি ৰঞ্জিত ওৰফে বি আৰ ফেৰেংগাই কয় যে এইয়া নাটকৰ বাহিৰে একো নহয় ।বিগত দহ বছৰে অঞ্জলি দৈমাৰীয়ে বড়ো মাতৃসকলৰ নাম লৈ নাটক কৰিছিল। মেচ ফিক্সিং আছিল ৷অৰ্থাৎ আজিৰ দিনত আমি প্লাষ্টিক চাৰ্জাৰী কৰা ৰাজনীতিবিদ বুলি ক’ব পাৰো ৷

ফেৰেঙ্গাই লগতে কয়” মই টকাৰ লোভী নহয়৷ স্বাৰ্থপৰ নহয় ৷যোৱা ১৮ মাৰ্চ খাম্পা বৰগয়াৰীয়ে নিজে মোক কৈছিল কিমান লাগে কওক ৷মোৰ বিৰুদ্ধে নিৰ্বাচন খেলিব নালাগে ।কিন্তু মই তেতিয়াও গ্ৰহণ কৰা নাছিলো ।আনহাতে ৰঞ্জন দৈমাৰীৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে বিপিএফৰ হেমাহিৰ বাবেই ৰঞ্জন দৈমাৰী জেলত যাবলগীয়া হ’ল ৷ৰঞ্জন দৈমাৰী ওলাই আহিলে বিপিএফৰ বিপদ হ’ব বুলি জানে ৷ৰঞ্জন দৈমাৰীক সকলোৱে আদৰি ল’ব ৷হাগ্ৰামা এতিয়া নিঃশেষ প্ৰায়। হাগ্ৰামা আজি যি অৱস্থাত আছে সেয়া নীলকণ্ঠ ভগৱান আহিলেও ৰক্ষা কৰিব নোৱাৰে বুলি কয় ফেৰেঙ্গাই ৷

Exit mobile version