GSTৰ সন্দৰ্ভত কেন্দ্ৰলৈ ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ চিঠি

3 36

GSTৰ বিষয়ত দেশৰ ছখন অনা বিজেপি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখিছে । মুখ্যমন্ত্ৰীসকলে এই পত্ৰৰ দ্বাৰা কেন্দ্ৰক সাংবিধানিক কৰ্তব্য আৰু এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত বিকল্প ব্যৱস্থা ল’বলৈ আহ্বান কৰিছে ।

এই চিঠি লিখিছে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী ই পলানীসামী, তেলেংগনাৰ মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাও, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বঘেলে ৷

মুখ্যমন্ত্ৰীসকলে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বজাৰৰ পৰা বিভিন্ন ধৰণে ধাৰ লোৱাৰ বিপৰীতে প্ৰয়োজন অনুসৰিহে ধাৰ ল’ব লাগে ৷ যদি ৰাজ্যসমূহৰ ধাৰ হয় তেন্তে ইয়াক পৰিশোধ কৰোতেও বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব ।

অন্যান্য মুখ্যমন্ত্ৰীসকলৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ২০১৩ ত বিজেপিয়ে জি এচ টিক যি ধৰণে বিৰোধ কৰিছিল ৷ আজি সেই একেই স্থানতে আছে বিজেপি । ইপিনে বিত্ত মন্ত্ৰণালয়ে সোমবাৰে জি এচ টি সংগ্ৰহ হ্ৰাস পাইছে বুলি মন্তব্য কৰিছিল।

Exit mobile version