কৰ’নাৰ ভেকচিনক লৈ আশাৰে বাট চাই আছে সমগ্ৰ বিশ্বই

swarajya 2020 07 92c7fb0f 2142 423d a4eb

প্ৰতি দিনে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা দেশত বৃদ্ধি পাইছে ৷ ইয়াৰ লগে লগে সকলোৰে প্ৰশ্ন যে ভাৰতত কেতিয়া আহিব কৰ’না ভাইৰাছৰ ভেকচিন ৷ অৱশ্যে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বই সম্প্ৰতি কৰ’নাৰ ভেকচিনক লৈ উৎসুকতাৰে বাট চাই আছে ।

চাওঁ আহক কৰ’নাক লৈ বিশ্বৰ লগতে ভাৰতৰ শেহতীয়া তথ্য, ভাৰতৰ দেশীয় কৰ’নাৰ ভেকচিন “কভেক্সিন”ৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ৰ ট্ৰায়েলৰ পৰা জানিব পৰা গৈছে যে এই ভেকচিনৰ কোনো চাইড ইফেক্ট নাই । “কভেক্সিন”য়ে পৰ্যাপ্ত পৰিমাণৰ এন্টিবডি তৈয়াৰ কৰিব পাৰিবনে নাই সেয়া নিৰীক্ষণ কৰি থকা হৈছে ৷ এই মন্তব্য ট্ৰায়েলৰ মুখ্য বিষয়া ডা° ই ভেংকটা ৰাওৰ ।

ভেকচিনৰ প্ৰথম ড’জৰ ১৪ দিনৰ পিছত দ্বিতীয় ড’জ দিয়া হয়। লগতে এন্টিবডি গঠন হৈছে নে নাই সেয়া নিৰীক্ষণ কৰিবলৈ তেজৰ পৰীক্ষাও কৰা হয়৷ সম্প্ৰতি ভাৰতত আহমেদাবাদত জায়ডচ কেডিলাৰ ভেকচিন ZyCOV-Dৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েল হৈ আছে ।

আনহাতে অক্সফৰ্ড এক্সট্ৰাজেনেকাৰ ক’ভিশ্বীল্ড ক’ভিড-১৯ ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই আৰম্ভ কৰিলে ৷ ইফালে, ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ অৰ্থাৎ আইচিএমআৰে সম্পাদকীয়ত লিখে যে ক’ভিড-১৯ ভেকচিন সকলোকে সময়মতে উপলব্ধ কৰাবৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে ৷

লগতে আইচিএমআৰে সম্পাদকীয়ত প্ৰকাশ কৰে যে বিজ্ঞানীসকলৰ পৰা সেউজ সংকেত পোৱাৰ পিছতে এই ভেকচিনক তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ লোৱা হয় ।

আনহাতে ৰুছ আৰু চীনৰ এটাকৈ ভেকচিন ব্যৱহাৰ কৰিবৰ কাৰণে মঞ্জুৰী লাভ কৰিলেও যদিও বিশ্ব স্বাস্থ্য সংস্থাৰ অনুযায়ী এতিয়াও নটা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েল আৰম্ভ হৈছে । সম্প্ৰতি সমগ্ৰ বিশ্বই কৰ’নাৰ ভেকচিনক লৈ আশাৰে বাট চাই আছে ৷ কাৰণ কৰ’নাৰ ভেকচিনেহে বিশ্বৰ পৰা এই মহামাৰীক নিঃশেষ কৰিব পাৰিব ৷

Exit mobile version