গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি এড চূড়ান্ত পৰীক্ষাৰ সময়সূচী

144067 guwahati university

গুৱাহাটী বিশ্ববিদ্যালয়ে আজি বি. এডৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে। সেই অনুসৰি ক’ভিড প্ৰ’টকল মানি অহা ১৫ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। লগতে অহা ২২ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰলৈ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব বুলি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰে।

ADVERTISEMENT

উল্লেখ্য যে বিশ্ববিদ্যালয় খনৰ অধীনৰ কেইবাখনো বি. এড কলেজৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে যোৱা ১ ছেপ্টেম্বৰত বি এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ শীঘ্ৰে অনুষ্ঠিত কৰাৰ দাবীৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰেই উপাচাৰ্যৰে আলোচনা কৰি শিক্ষাৰ্থীৰ দাবী পূৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বুলি আশ্বাস প্ৰদান কৰিছিল।

Exit mobile version