বাঘজানৰ ঘটনাই অতিক্ৰম কৰিলে ১০০ দিন

IMG 20200818 150815

তিনিচুকীয়া জিলাৰ বাঘজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ অভিশপ্ত বি জি আৰ-৫ নং তৈল খাদত জ্বলি থকা বিধ্বংসী জুইকুৰাই ১০০ দিন ২,৪০০ ঘন্টা অতিক্ৰম কৰিলে ৷ যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি (ব্ল-আউট) ৯ জুনত উক্ত তৈল খাদটোত সংঘটিত হোৱা বিধ্বংসী জুইকুৰা নিৰ্বাপনত চুড়ান্তভাৱে ব্যৰ্থ হোৱা অইল কৰ্তৃপক্ষই অভিশপ্ত তৈল খাদটো ’কিলিং’ অভিযানৰ কথা কৈয়েই ৮৭ দিন অতিক্ৰম কৰিলে ৷

অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱে তৈল খাদটোত সংঘটিত অগ্নিকাণ্ডই বাঘজানৰ জনজীৱন স্তব্ধ কৰি তোলাৰ পিছতো ক্ষতিগ্ৰস্ত ৰাইজে অস্বাস্থ্যকৰ পৰিৱেশত ১০০ দিন আশ্ৰয় শিবিৰত দুৰ্বিসহ জীৱন অতিবাহিত কৰিলে ৷ কৃষকৰ ঘৰ-বাৰী জ্বলাই ছাৰখাৰ কৰি তোলা তৈল খাদটোৰ বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰিবলৈ সক্ষম নোহোৱা অইল কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত ৰাইজক ১০০ দিনতো ক্ষতিপূৰণ মোকলাই নিদিলে ৷

ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ৰ নাজিৰা ডিভিজন আৰু গুজৰাটৰ বড়োদা ডিভিজনৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে যোৱা ১৭ আগষ্টত দাওদাওকৈ জ্বলি থকা জুইকুৰাৰ মাজত বিপদসংকুল পৰিস্থিতিত খাদটোত ব্ল-আউট প্ৰিভেন্টাৰ (বি অ’ পি) সংস্থাপিত কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু বিঅ’পিটো স্থাপনৰ পিছদিনা অভিশপ্ত তৈল খাদটো ‘কিলিং’ অভিযানত পুণৰ বিস্ফোৰণ ঘটে ৷

উল্লেখ্য যে বিশেষজ্ঞ দলটোৱে ভূঃগৰ্ভৰ পৰা ৪,২০০ মিটাৰ গভীৰতাৰ পৰা ১৮ ইঞ্চি বহল এডাল পাইপেৰে ঘন্টাত ৪,৭৫০ ঘনমিটাৰ গতিবেগত নিৰ্গত হৈ থকা গেছ আৰু কণ্ডেনছেট অইলত সংঘটিত জুইকুৰা নিৰ্বাপিত কৰিবলৈ হলে গেছ আৰু কণ্ডেনছেট অইল নিৰ্গত ১৮ ইঞ্চি পাইপডাল ‘কিলিং’ কৰিবই লাগিব ৷ শেহতীয়া খবৰ মতে তৈল খাদটো ‘কিলিং’ কৰিবলৈ অইল ইণ্ডিয়া লিমিটেডে কানাডাৰ পৰা ব্ল-আউট ‘কিলিং’ টোলচ্‌ আমদানি কৰিছে ৷

আনহাতে, অইল কৰ্তৃপক্ষৰ ভুলৰ বাবে তিনিচুকীয়া জিলাৰ বাঘজানত এইবাৰ শালি খেতি কৰাৰ পৰা বঞ্চিত হ’ল কৃষক ৰাইজ ৷ বাঘজানৰ কৃষক ৰাইজে এইবাৰ শালি খেতি পথাৰত ভূই ৰুব নোৱাৰিলে ৷ অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱে বি জি আৰ-৫ নং তৈল খাদত সংঘটিত অগ্নিকাণ্ডৰ জুইকুৰাত কৃষক ৰাইজৰ নাঙল জুৱলি জাহ যোৱাৰ ঘটনাই বাঘজানত হাহাকাৰ অৱস্থা সৃষ্টি কৰিছে ৷ অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱেই বাঘজান গাৱঁৰ খাটিখোৱা গঞাৰ দুখ-দুৰ্দশাই লগ নেৰা হৈছে ৷ গাৱঁখনত কৃষক ৰাইজৰ মুখৰ ভাতমুঠিও অইল কৰ্তৃপক্ষই কাঢ়ি নিয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

বাঘজান গাঁওস্থিত অইলৰ অভিশপ্ত তৈল খাদত যোৱা ২৭ মে’ত সংঘটিত গেছ কূপ (ব্ল-আউট) বিস্ফোৰণ ঘটনাটোৰ ফলত গাঁওবাসীয়ে ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত থিতাপি লোৱাৰ মৰ্মান্তিক ঘটনাক চিন্তাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, দল-সংগঠনসহ সমাজৰ সকলো শ্ৰেণীলোকে হৃদয়ংগম কৰা সময়ত গাঁওখনৰ কৃষক ৰাইজে শালি খেতি পথাৰত নাঙল জুৱলি লগাব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে ৷

এনে সীমাহীন দুখ দুৰ্দশাই লগ নেৰা গাঁওখনৰ কৃষক ৰাইজৰ পোহনীয়া জীৱজন্তুবোৰ হঠাতে গাৱঁখনৰ পৰা অন্তৰ্ধান হ’ব ধৰা ঘটনাই বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰ’দ-বৰষুণৰ পৰা বাচি থকাৰ ঠাই বুলিবলৈ বাঘজান গাঁওবাসীৰ বাৱে আশ্ৰয় শিবিৰে একমাত্ৰ ঠাই হিচাপে চিহ্নিত হৈ পৰা কৃষি প্ৰধান গাঁওখনত যোৱা ২৭ মে’ৰ পৰা অসহায় অৱস্থাত বিচৰণ কৰি ফুৰা কৃষকৰ পশুধনৰ ওপৰত চোৰাং গৰু মাফিয়াৰ শেনচকু পৰিছে ৷

তৈল খাদটোত যোৱা ৯ জুনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ জুইকুৰাই গাঁওখনৰ কৃষক ৰাইজৰ শালি পথাৰসমূহ ছাৰখাৰ কৰি তোলাৰ বেদনাই ছানি ধৰাৰ সময়তে গাঁওখনৰ পৰা গৰু মাফিয়াই চুৰি কাৰ্য চলাই যাব ধৰিছে ৷ অভিযোগ অনুসৰি বাঘজান গাৱঁৰ লগতে কাষৰীয়া কলীয়াপানী গাৱঁৰ কৃষকৰ গৰু সমূহ চুৰি হ’ব ধৰিছে ৷

কেৱল গৰুৱে নহয় ছাগলীও এফালৰ পৰা চুৰি হ’ব ধৰিছে ৷ ইতিমধ্যে স্থানীয় বাঘজান আৰক্ষী থানাত বাঘজান গাৱঁৰ কৃষকে গৰু আৰু ছাগলী চুৰি ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে মৰিশালিত পৰিণত হোৱা বাঘজান গাৱঁৰ কৃষকৰ ঘৰৰ ভিতৰত থকা বিছনাকে ধৰি অন্যান্য বয়বস্তু সমূহ চোৰে চুৰি কৰি নিয়াৰ ঘটনা মাৰ নৌযাওঁতেই গৰু মাফিয়াই গাঁওখনৰ পৰা কৃষক ৰাইজৰ হালোৱা গৰু চুৰি কৰি নিয়া ঘটনাই বাঘজানত দায়িত্বত থকা সেনা-আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলি তুলিছে কৃষক ৰাইজে ৷

আনহাতে, অইল কৰ্তৃপক্ষ, জিলা প্ৰশাসন কিম্বা ৰাজ্য চৰকাৰখনৰ আমোলা বিষয়াসকলে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষতিপূৰণ কেতিয়া মোকলাই দিব তাক লৈ এতিয়া ভুক্তভোগীসকলৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটিছে ।

Exit mobile version