মালিগাঁৱৰ আদিংগিৰি পাহাৰত পুনৰ এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ

01ada026 0ea3 4d0c 82ac abf908ce8667

মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি পাহাৰত বুধবাৰে নিশা প্ৰায় ৭.৩০ বজাত পুনৰ এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাৱদ্ধ হয়। বুধবাৰে নিশাৰ ভাগত ছাগলী ভক্ষণ কৰিবলৈ আহি উক্ত নাহৰফুটুকী বাঘটো পিঞ্জৰাত আৱদ্ধ হয়। যোৱা ২১ আগষ্টত উক্ত স্থানত এটা নাহৰফুটুকীৰ আক্ৰমণত শিৱম কুমাৰ নামৰ এটি শিশু নিহত হৈছিল। ইয়াৰ পিছতেই গুৱাহাটী আঞ্চলিক বন বিষয়া পংকজ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দলে অঞ্চলটোত পিঞ্জৰা স্থাপন কৰিছিল।

বন বিভাগৰ এই ফান্দত যোৱা ২৬ আগষ্টত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল। আৰু অনুৰূপ ধৰণে বুধবাৰে নিশা পুনৰ এটা নাহৰফুটুকী পিঞ্জৰাত আৱদ্ধ হয়। বুধবাৰে নিশা পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী বাঘটো ‘নৰখাদক’ হয় নে নহয় সেই সন্দৰ্ভত বন বিভাগে কোনো তথ্য নিশ্চিত কৰা নাই। কিন্তু কালি নিশা পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকী বাঘটো সাত বছৰ বয়সৰ এটা মতা বাঘ। বাঘটো যথেষ্ট খঙাল প্ৰকৃতিৰ হোৱা বাবে উক্ত বাঘটোৱে শিৱম কুমাৰ নামৰ শিশুটিক আক্ৰমণ কৰা নৰখাদক বাঘটো হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আনহাতে যোৱা ২৬ আগষ্টত পিঞ্জৰাবদ্ধ হোৱা বাঘটো এটা চাৰি বছৰীয়া মাইকী বাঘ বুলি বন বিভাগে জানিবলৈ দিছে। বিগত কেইবাদিন ধৰি আদিংগিৰি পাহাৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীয়ে। বৰ্তমানো প্ৰায় ৪-৫ টা নাহৰফুটুকী আদিংগিৰি পাহাৰত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ। তথাপি নিশা নাহৰফুটুকীটো আৱদ্ধ হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলটোৰ ৰাইজে। পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো চাবলৈ অগনন লোকৰ সমাগম ঘটে অঞ্চলটোত।

ইফালে বন বিভাগৰ দল, অসম ৰাজ্যিক চিৰিয়াখানাৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ নিশা প্ৰায় ১০.৩০ বজাত নাহৰফুটুকীটো ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়। উল্লেখ্য যে গুৱাহাটী আঞ্চলিক বন পংকজ কলিতাই শেহতীয়াকৈ লোৱা তাৎক্ষণিক প্ৰচেষ্টাক শলাগ লৈছে স্থানীয় ৰাইজে। কিন্তু দক্ষ বন বিষয়াগৰাকীক তিনি বছৰ কাৰ্যকাল সম্পূৰ্ণ নৌহওঁতেই বদলি কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

Exit mobile version