১১৮টা এপ নিষিদ্ধ কৰাক লৈ ভাৰতৰ বিৰুদ্ধে টিঙিৰি তুলা চীন

download

সীমান্তত চীনৰ সেনাৰ লগত ভাৰতৰ উত্তেজনা অব্যাহত থকাৰ মাজতে চৰকাৰে বুধবাৰে চীনৰ PUBG কে আদি কৰি ১১৮ এপ নিষিদ্ধ কৰে ৷ এই ১১৮ টা এপত PUBG ৰ উপৰিও Baidu, APUS লন্সৰ প্ৰ’ আদি এপ সন্নিৱিষ্ট আছিল । কিন্তু ভাৰতৰ পৰা লোৱা এই সিদ্ধান্তৰ পিছতে যেন খঙত টিঙিৰি তুলা পৰিছে চীন । চীনৰ বাণিজ্য মন্ত্ৰণালয়ে ভাৰত চৰকাৰৰ এই সিদ্ধান্তক গৰিহনা দিয়াৰ উপৰিও ভাৰতক অনতিপলমে এই ভুল শুধৰাবলৈ কয়।

সংবাদমাধ্যমৰ এক প্ৰতিবেদন অনুসৰি বাণিজ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে কয় যে চীনে মোবাইল এপ বন্ধ কৰাৰ কাৰণে ভাৰতৰ পদক্ষেপক বিৰোধ কৰিছে ৷ ইয়াৰ দ্বাৰা ভাৰতে আইন উলংঘা কৰিছে। চীনৰ বাণিজ্য মন্ত্ৰণালয়ৰ প্ৰবক্তা গাঅ’ ফেংগে কয় যে চীনে ভাৰতক নিজৰ ভুল শুধৰাবলৈ কৈছে।

উল্লেখযোগ্য যে বুধবাৰে জনপ্ৰিয় গেম PUBG কে আদি কৰি ১১৮ টা এপ নিষিদ্ধ কৰিছিল।PUBG চীনৰ কোম্পানী টেনচেন্ট হোল্ডিংছ লিমিটেডৰ অংশ ৷ আনহাতে চৰকাৰে বিগত সময়ত চীনৰ ৫৯ টা এপ নিষিদ্ধ কৰিছিল। ইয়াত যুৱক যুৱতীসকলৰ মাজত জনপ্ৰিয় টিকটকো অন্তৰ্ভুক্ত আছিল। ইয়াৰ পিছত চৰকাৰে ৪৭ টা এপ নিষিদ্ধ কৰাৰ পিছত শেহতীয়াকৈ চৰকাৰে PUBG কে আদি কৰি ১১৮ এপ নিষিদ্ধ কৰে ।

বুধবাৰে পুনৰ ভাৰতে চীনৰ পাবজীকে আদি কৰি ১১৮ টা এপপ নিষিদ্ধ কৰাৰ পিছতে ভাৰতলৈ হুংকাৰ ৰঙা চীনৰ৷লগতে চীনে এই ভূল শুধৰাবলৈ সকিয়াই দিছে ভাৰতক।

Exit mobile version