■ অচিৰেই ভাৰতত ম’বাইল ফোনৰ বিলৰ পৰিমাণ কমেও ১০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।
■ শেহতীয়াভাৱে প্ৰকাশিত এক বাতৰি অনুসৰি দেশৰ ম’বাইল ফোন সেৱা প্ৰদানকাৰী টেলিকম প্ৰতিষ্ঠানসমূহে বৃদ্ধি হোৱা ব্যৱসায়িক ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি ম’বাইল ফোনৰ মাচুল ১০ৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
■ বিশেষকৈ এয়াৰটেল আৰু ভোডাফোনে অচিৰেই ম’বাইল সেৱাৰ মাচুল বৃদ্ধি কৰিব পাৰিব।
■ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পাছতে দেশৰ ম’বাইল ফোন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে ম’বাইল সেৱাৰ মাচুলৰ পৰিমাণ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে।
■ ম’বাইল ফোন কলৰ মাচুল বৃদ্ধি কৰাৰ লগতে ডেটাৰ মাচুলো কোম্পানীসমূহে বৃদ্ধি কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ।
২৭ শতাংশ লৈকে বৃদ্ধি পাব পাৰে ম’বাইল ফোনৰ বিল
