কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনক লৈ অসম চৰকাৰক ধন্যবাদ কোচ ৰাজবংশী সন্মিলনীৰ

59de9236 b317 4cc1 a97c 1b0d2538c466

অসম বিধান সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিল পাছ হোৱাক আদৰণি জনাইছে সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীয়ে ‌। চিৰাং জিলাৰ কদমতলি জিলা কাৰ্য‍্যালয়ত আয়োজিত এক সংবাদ মেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি জনাই সন্মিলনীয়ে কয় যে অসম চৰকাৰে কোচ ৰাজবংশীসকলৰ কমতাপুৰ ৰাজ‍্য গঠনৰ দীৰ্ঘদিনীয়া দাবীক মান‍্যতা প্ৰদান কৰিছে।

সন্মিলনীয়ে মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন আৰু জনজাতীয় উন্নয়ন মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে অসম চৰকাৰক ধন‍্যবাদ জনায়। এই স্বায়ত্ব শাসিত পৰিষদৰ জৰিয়তে অতিকে পিছপৰা অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী লোকসকলৰ লগতে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়ন হ’ব বুলি আশা প্ৰকাশ কৰে সন্মিলনীৰ উপদেষ্টা নিৰেন ৰায়ে।

তেওঁ কয় যে কোচ ৰাজবংশী সকলৰ জনজাতীকৰণ সন্দৰ্ভত গঠিত মন্ত্ৰী গোটৰ প্ৰতিবেদন অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি বিধান সভা নিৰ্বাচনৰ পূৰ্বেই জনগোষ্টীটোৰ জনজাতিকৰণ কৰাৰ দাবী জনায়। বিটিচিৰ কোচ ৰাজবংশীসকল অতিকে পিচপৰা গতিকে এই অঞ্চলৰ কোচ ৰাজবংশীসকলৰ উন্নয়নৰ বাবে উপগ্ৰহীয় স্বায়ত্ব শাসন বা উন্নয়ন পৰিষদ গঠনৰ দাবী জনায় । এই ব‍্যৱস্থাত বিটিচিৰ কোচৰাজবংশী সকলৰ হাততে অধ‍্যক্ষ পদ অৰ্পণৰ দাবী জনায় । সংবাদমেলত বিটিচি কোচৰাজবংশী সন্মিলনীৰ উপদেষ্টা নিৰেন ৰায়, উপ সভাপতি গণেশ ৰায়,সহকাৰী সম্পাদক বলৰাম ৰায় উপস্থিত থাকে।

Exit mobile version