চাওঁ আহক কেইটামান গুৰুত্বপূৰ্ণ খবৰ

covid india

ৰাজ্যত পুনৰ ৩০৫৪গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড১৯ ৷ ইয়াৰে কামৰূপ মহানগৰৰ ৭৩৫, ডিব্ৰুগড়ৰ ১৯৮, কাছাৰৰ ১৯২ আৰু হোজাইৰ ১৭৬গৰাকী জন ৷আনহাতে অসমত ১,১৮,৩৩৩গৰাকী ব্যক্তিৰ দেহত  ক’ভিড পজিটিভ চিনাক্ত হৈছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পাছত তেজপুৰৰ অগপৰ জেষ্ঠ বিধায়ক বৃন্দাবন গোস্বামীৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ লগতে তেওঁৰ পত্নীৰ শৰীৰতো ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।সম্প্ৰতি দুয়োজনকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

ক’ভিড প্ৰ’টকল মানি অহা ১৫ ছেপ্টেম্বৰৰ পৰা ২০ ছেপ্টেম্বৰলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি এডৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। লগতে অহা ২২ৰ পৰা ২৯ ছেপ্টেম্বৰলৈ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব বুলি বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ ধ্ৰুৱজ্যোতি চৌধুৰীয়ে প্ৰকাশ কৰে।

২০২১ৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ গঠন হ’লে এসপ্তাহৰ ভিতৰত উঠাই লোৱা হ’ব নাগৰিকত্ব সংশোধনী আইন আন্দোলনত জড়িত লোকৰ ওপৰত থকা সকলো গোচৰ ৷ এক সংবাদ মেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷

ভাৰত চীন সীমান্তৰ উত্তেজনাৰ মাজতে গৃহ মন্ত্ৰণালয়ে পূৱ লাডাখ আৰু অৰুণাচলপ্ৰদেশত আই টি বি পি আৰু এছ এছ বিৰ জোৱান সকলক সতৰ্ক হৈ থকাৰ বাবে নিৰ্দেশ দিয়ে।উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত অৰুণাচল প্ৰদেশত ১০৮০ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে।

অসম চৰকাৰে শেহতীয়াকৈ নগাঁও জিলাৰে বান্দৰডুবি অঞ্চলৰ মুঠ ৩০৭ হেক্টৰ ভূমিক কাজিৰঙাৰ অষ্টম সংযোজন আৰু শোণিতপুৰ জিলাৰ মৌখোৱা চাপৰিৰ মুঠ ২৫৭০ হেক্টৰ ভুমিক কাজিৰঙাৰ নৱম সংযোজন হিচাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷

Exit mobile version