অসমৰ নাট্যজগতৰ পুৰোধা ব্যক্তি তথা মুকুটবিহীন সম্ৰাট চন্দ্ৰ চৌধুৰীৰ ৩৫ তম মৃত্যুবাৰ্ষিকী অাজি পাঠশালাত অনুষ্ঠিত হৈ যায় ৷ যাত্ৰা সংস্কৃতিৰ পৰা ভ্ৰাম্যমান থিয়েটাৰ জন্মৰ পৰা লালন পালন কৰালৈ নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ অৱদান অনবদ্য ৷ প্ৰয়াত ব্ৰজ শৰ্মাৰ ঘনিষ্ঠ সংগী তথা গীত মাত, নৃত্য অভিনয়, আদি সকলো দিশৰ পৰা পাৰদৰ্শী হৈ ওস্তাদ খ্যাত চন্দ্ৰ চৌধুৰীৰ ৩৫ তম মৃত্যুবাৰ্ষিকী অনুষ্ঠানতত অাজি পাঠশালাৰ বহু বিশিষ্ট ব্যক্তিৰ সমাৱেশ ঘটে৷
পাঠশালা প্ৰেছ ক্লাব, আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, অাৰু চন্দ্ৰ চৌধুৰীৰ পৰিয়াল বৰ্গৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত অাজি কৃষ্ণ ৰয়, অচ্যুত লহকৰদেৱৰ পত্নী কিৰণ লহকৰ, ব্ৰজ শৰ্মা বঁটা প্ৰাপক শিল্পী দশৰথ দাস,ভ্ৰাম্যমাণৰ জন্ম লগ্নৰ চিত্ৰ শিল্পী প্ৰমোদ ৰয়কে আদি কৰি বহু বিশিষ্ট ব্যক্তিৰ সমাবেশত অাজি প্ৰয়াত নাট্যজগতৰ মহীৰূহ গৰাকীক সোঁৱৰণ কৰা হয় ৷
পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি কৈলাশ চৌধুৰীয়ে সঞ্চালনা কৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাৱৰ উপদেষ্টা পুলু কুমাৰ শৰ্মাই l ইয়াৰ পূৰ্বে নাট্য সম্ৰাট চন্দ্ৰ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ ভাই বোৱাৰী পদ্মাৱতী চৌধুৰীয়ে l তাৰ পিছতে মংগল স্তোত্ৰ পাঠ কৰে ভট্টদেৱে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড০ খগেন্দ্ৰ নাথ দেব শৰ্মাই৷
ইয়াৰ পিছতে আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়, কন্ঠ শিল্পী দশৰথ দাস, চিত্ৰ শিল্পী প্ৰমোদ ৰয়, সাংবাদিক নাগেশ্বৰ দাস, লোক শিল্পী বসন্ত পাটগিৰি, ৰণেন্দ্ৰ কুমাৰ ডেকা আদিয়ে অনুষ্ঠানত নিজৰ ভাষণৰ জৰিয়তে প্ৰয়াত মহীৰূহ গৰাকীক সোঁৱৰণ কৰে l অনুষ্ঠানৰ মাজতে এটি গীত পৰিবেশন কৰি অনুষ্ঠান মধুৰ কৰি তোলে প্ৰয়াত মহীৰূহ গৰাকীৰ দুহিতা মীৰা চৌধুৰীয়ে৷