লাডাখত সম্প্ৰতি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছেঃ ভাৰতীয় সেনাৰ মুৰব্বী

11

লাডাখত চীনে কৰা উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাৰতীয় সেনাৰ মুৰব্বী মনোজ মুকুন্দ নৰ’ভানেই দ্বিতীয় দিনৰ কাৰণে লাডাখত উপস্থিত হয়। তেওঁ কয় যে এল এ চিত সম্প্ৰতি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ।সেয়েহে সীমান্ত সুৰক্ষাৰ স্বাৰ্থত সেনা নিয়োগ কৰা হৈছে ৷যাতে সীমান্তত সুৰক্ষা ক্ষেত্ৰত কোনো সুৰুঙা ৰৈ নাযায় ।লগতে এম এম নৰ’ভানেই কয় যে আমাৰ জোৱানসকলৰ মনোবল বৰ দৃঢ়। তেওঁলোক সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু আছে ৷

ভাৰতীয় সেনাৰ মুৰব্বী নৰ’ভানেই লগতে কয় “মই সীমান্তৰ বহু অঞ্চলত উপস্থিত হ’লো। লগতে বিষয়াসকলৰ লগত কথা পাতি পৰিস্থিতিৰ বিষয়ে অৱগত হ’লো ৷মই পুনৰ ক’ম আমাৰ বিষয়াসকল পৃথিৱীৰ ভিতৰতে উত্তম ।তেওঁলোক দেশৰ গৌৰৱ ” ৷

ভাৰতীয় এম এম নৰ’ভানেই কয় “বিগত ২-৩ মাহৰ পৰা লাডাখৰ সীমান্তৰ পৰিস্থিতি যথেষ্ট উত্তেজনাময় হৈ আছে ।কিন্তু আমি চীনৰ লগত আলোচনা অব্যাহত ৰাখিছো। আমি আশা ৰাখিছো যে আলোচনাৰ মাজেৰে বিবাদ সমাধান কৰিম।”

উল্লেখযোগ্য যে জুনৰ পিছত পুনৰ ২৯ আৰু ৩০ আগষ্টত চীনৰ পুনৰ ভাৰতৰ সীমান্ত প্ৰবেশৰ চেষ্টা কৰে ৷কিন্তু আগ্ৰাসনী চীনৰ এই অভিসন্ধিক বাস্তৱত ৰূপায়িত হ’বলৈ নিদিলে ভাৰতীয় সেনাই ৷আনহাতে ভাৰতীয় সেনাৰ মত অনুসৰি চীনে পাহাৰীয়া অঞ্চলসমূহত কেমেৰাকে ধৰি সকলোধৰণৰ যাৱতীয় যন্ত্ৰ পাতি ভাৰতৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সাজু কৰি থৈছিল ।

কিন্তু ভাৰতীয় সেনা চীনৰ কেমেৰাকে ধৰি এই সমূহ যন্ত্ৰলৈ কেৰেপ নকৰি বিবাদিত অঞ্চল নিজৰ অধীনলৈ আনে ৷ইয়াৰ পিছতে চীনে ভাৰতীয় সেনাই অধীনলৈ অনা স্থানৰ পৰা কেমেৰাকে আদি কৰি সকলো বস্তু আঁতৰাই আনে ।যদিও ইতিমধ্যে দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

Exit mobile version