সপোনৰ উৰণ : বেলুনৰ সাহায্যত ৭৫০০ মিটাৰ ওপৰ পালে ডেভিদ ব্লেইন

ST 20200904 TREND04WU2W 5934063

দুঃসাহসিক সকলো প্ৰকাৰৰ কাম-কাজৰ বাবে ৪৭ বছৰ বয়সীয়া মেজিচিয়ান ডেভিড ব্লেইন বিশ্ব জুৰি অতি জনপ্ৰিয়।ব্লেইনে শেহতীয়াকৈ আৰু এক নতুন খ্যাতি লাভ কৰিছে ।তেওঁ হিলিয়াম গেছেৰে ভৰা ৫২টা বেলুনৰ সহায়ত আকাশলৈ উৰা মাৰে ।বেলুনৰ স’তে সংলগ্ন কেমেৰা তথা মাটিত থকা সহযোগীসকলৰ হাতত থকা কেমেৰাত সমগ্ৰ এই দুঃসাহসিক ঘটনাটো বন্দী হয় ।

ব্লেইনে এই দুঃসাহসিক উৰণৰ বাবে বাছনি কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এৰিজোনাক ।ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছে প্ৰথম অৱস্থাত উৰিবলৈ সহায়ক হোৱাকৈ ওজন বৃদ্ধিৰ বাবে লগত কিছু সামগ্ৰী লৈ গৈছিল ব্লেইনে।পাছত লাহে লাহে ওজন হ্ৰাস কৰি আহিছিল যাতে আৰু অধিক ওপৰলৈ উৰিব পাৰি।এনেদৰে ব্লেইনে সাত হেজাৰ ছয়শ মিটাৰ উচ্চতাত উপনীত হয়গৈ ।এটা সময়ত তেওঁক অক্সিজেন মাস্কৰ প্ৰয়োজন হয় ।

বেলুনৰ সাহায্যত সাত হেজাৰ পাঁচশ মিটাৰৰ অধিক উচ্চতাত উপনীত হোৱাৰ পাছত ব্লেইনে নিজকে বেলুনৰ পৰা পৃথক কৰে ।ইয়াৰ পাছত ক্ৰমে আকাশৰ পৰা নামি আহিবলৈ ধৰে।অন্তিম পৰ্যায়ত পেৰাছ্যুত খুলি নিৰপদে তেওঁ মাটিত অৱতৰণ কৰে ।আকাশত উৰাৰ প্ৰস্তুতিৰ পৰা পুনৰ নামি আহি মাটিত পৰা পৰ্যন্ত ভিডিঅ’টো তিনি ঘণ্টাতকৈও অধিক সময়ৰ ।ব্লেইনৰ এই উৰণৰ বহুকেইটা সম্পাদিত ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত উপলব্ধ হৈছে।

Exit mobile version