স্বাস্থ্য বিধি বলৱৎ কৰাত ব্যৰ্থ ৰাজ্য প্ৰশাসনঃ উদ্বিগ্ন উচ্চ ন্যায়ালয়

150614 guy

ৰাজ্যত কৰ’নাৰ সংক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পাইছে ।ৰাজহুৱা স্থানত বিচৰণ কৰা লোকসকলৰ বাবে বাধ্যতামূলক কৰা মাস্ক পৰিধানৰ বিধি ৰূপায়ণত ব্যৰ্থ হৈছে চৰকাৰী সংস্থাসমূহ। ৰাজহুৱা স্থান অথবা কৰ্মস্থলীত যথোচিত সামাজিক ব্যৱধান ৰক্ষা কৰা হোৱা নাই ৷ফলত কৰ’নাৰ সংক্ৰমৃ ব্যাপকভাৱে বৃদ্ধি পাইছে ।এই সম্পৰ্কীয় আদালতত দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ স্থিতি প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট পক্ষলৈ নিৰ্দেশ জাৰি কৰে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মনীষ চৌধুৰীৰ যুটীয়া বিচাৰপীঠে কয় যে ৰাজহুৱা স্বাৰ্থজৰিত আবেদনখনে প্ৰতীয়মান কৰিছে যে ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্কৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে সংশ্লিষ্ট ফৰিয়াদী কৰ্তৃপক্ষক কঠোৰ আৰু যথোচিত নিৰ্দেশনা প্ৰেৰণৰ জৰুৰীকালীন প্ৰয়োজনীয়তা আছে ৷

অধিবক্তা তন্ময়জ্যোতি মহন্তই দাখিল কৰা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত ফৰিয়াদী পক্ষ কৰা হৈছে ৰাজ্য চৰকাৰ,গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিব,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত আৰু সচিব তথা অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ৷ৰাজ্য চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰিছে মুখ্য সচিবে। আদালতৰ নিৰ্দেশত সকীয়াই দিয়া হয় যে যদি উল্লেখিত কোনো লোকে নিৰ্দেশাৱলী ভংগ কৰে তেন্তে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব ৷

আমি এই কথা লিপিবদ্ধ কৰি ব্যথিত হৈছো যে ৰাজ্যৰ বজাৰসমূহ আৰু অন্যান্য স্থানতো বাসিন্দাসকলক কোনো মাস্ক পৰিধান নকৰাকৈ দেখিবলৈ পোৱা যায় ।অথবা নাকৰ তলত মাস্ক পৰিধান কৰে ৷ফলত কৰ’না ভাইৰাছ প্ৰসাৰিত হয়। আমি দেখিছো যে বজাৰত বা কৰ্মস্থলীতো মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন নহৈ জুম বান্ধি থাকে ৷

নিশ্চিতভাৱে কোনো বাসিন্দা অথবা নাগৰিকৰ নিজৰ জীৱন বিপদত পেলোৱাৰ,আনৰ জীৱন বিপদাপন্ন কৰাৰ অধিকাৰ নাই। সেই উদ্দেশ্যে বিভিন্ন আইন গ্ৰহণ কৰা হৈছে ।আৰু বিভিন্ন নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশসমূহ অৱশ্যে আপাতদৃষ্টিত অৱজ্ঞা কৰা হৈছে ৷কিয়নো ইয়াত থকা শাস্তিমূলক কাৰ্যব্যৱস্থা চৰকাৰী নিৰ্দেশনা আৰু জাননী ভংগ কৰাসকলৰ বিৰুদ্ধে লোৱা নাই। এইদৰে ন্যায়ালয়ৰ নিৰ্দেশটোত কোৱা হৈছে।

Exit mobile version