ৰাজনাথ সিঙৰ সৈতে পৃথকে বৈঠক অনুষ্ঠিত কৰাৰ ইচ্ছা প্ৰকাশ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

rajnath wei

ভাৰত চীন সীমান্তৰ উত্তেজনাৰ মাজতে চীনৰ প্ৰতিৰক্ষামন্ত্ৰী Wei Fenghe  য়ে চাংহাই সহযোগ সংগঠনৰ (Shanghi Co-operation Organization-SEO বৈঠকত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ স’তে আলোচনাত মিলিত হ’ব বিচাৰে। এই সন্দৰ্ভত এক বিশেষ সূত্ৰৰ মতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী Fenghiয়ে ৰাজনাথ সিঙৰ লগত পৃথকে বৈঠকত মিলিত হ’ব বিচাৰে।

ইফালে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী সম্প্ৰতি SEO ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশ ল’বৰ কাৰণে ম’স্কোত আছে ।আনহাতে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এই বৈঠকখনক লৈ চীনে উৎসুকতা প্ৰকাশ কৰিছে ৷অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো পক্ষই কোনো মতামত দিয়া নাই ৷

উল্লেখযোগ্য যে ভাৰত আৰু চীনে বিগত চাৰিমাহৰ পৰা পূব লাডাখত উত্তেজনা অব্যাহত ৰাখিছে ৷জুনত দুয়োখন দেশৰ সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ জন সৈনিকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছৰে পৰা ভাৰত চীন সীমান্তত পৰিস্থিতি অৱনতি দেখিবলৈ পোৱা দেখা যায়।

আৰু চীন ভাৰতৰ উচ্চ পদস্থ সেনাসকলে দুয়োখন দেশৰ মাজত শান্তি ঘূৰাই আনিবলৈ বৈঠক অনুস্থিত কৰিছে ।কিন্তু পুনৰ ২৯ আৰু ৩০ আগষ্টত চীনৰ সৈন্যই ভাৰতৰ সীমান্তত দখল কৰাৰ চেষ্টা কৰে ৷অৱশ্যে চীনৰ এই অভিসন্ধিক বাস্তৱায়িত হ’বলৈ নিদিলে ভাৰতীয় সেনাই।

Exit mobile version