নাচোৰ পাঁচজন গাঁওবাসীক অপহৰণ কৰিলে চীনা সৈন্যই

Search Operation

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে অৰুণাচল প্ৰদেশৰ উজনিৰ সোৱণশিৰি জিলাৰ পাঁচজন লোকক চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে অপহৰণ কৰা ঘটনাই গাঁওবাসীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে । তাগিন সম্প্ৰদায়ৰ অন্তৰ্গত পাঁচজন লোকক নাচোৰ সমীপৱৰ্তী হাবিৰ পৰা অপহৰণ কৰা হৈছে  ।

ADVERTISEMENT

অপহৰণ হোৱা ব্যক্তি কেইজন হ’ল টোচ সিংকাম, প্ৰসাত ৰিংলিং, দংতু ইবিয়া, তনু বাকেৰ আৰু নাঙৰু দিৰি । অপহৰণ হোৱা লোকসকলৰ লগত থকা অন্য দুজন স্থানীয় বাসিন্দাই পলাবলৈ সক্ষম হয় আৰু পিছত তেওঁলোক দুজনে সমগ্র ঘটনা গাওঁবাসীৰ আগত বৰ্ণনা কৰে ।

এই সম্পৰ্কত ভাৰতীয় সেনাবাহিনীৰ স’তে আলোচনাৰ উদ্দেশ্যে আৰু ঘটনাটো নিশ্চিত কৰিবৰ বাবে পৰিয়ালৰ লোকে ৰাওনা হয় আৰু পাঁচজন লোকক দেশলৈ পুনৰ উভতাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আবেদন দাখিল কৰে। যদিও আবেদন দাখিল কৰা সময়ছোৱালৈকে সেনাৰ অধিকাৰী বিষয়া আৰু জিলা প্ৰশাসনৰ পৰা অধিক তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

Exit mobile version