বৰফত আবদ্ধ তিনি চীনা নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

deshdoot 2020 09 bbd67c38 8a4f 44f4 8505 142cfe8b832a EhIqqDqUMAA775Q

দিলে উৎকৃষ্ট মানৱতাৰ নিদৰ্শন । উত্তৰ ছিকিমত বৰফত আৱদ্ধ হৈ পৰা তিনি চীনা নাগৰিকৰ প্ৰাণ ৰক্ষা কৰিলে ভাৰতীয় সেনাই । ঘটনা অনুসৰি ৩ছেপ্টেম্বৰত ১৭,৫০০ ফুট উচ্চতাৰ উত্তৰ ছিকিমৰ ঘন বৰফাবৃত অঞ্চলত বাট হেৰুৱাইছিল তিনি জন চীনা নাগৰিকে ।

এই অঞ্চলৰ তাপমাত্ৰা শূন্য ডিগ্ৰীতকৈ কম । অক্সিজেনৰ পৰিমাণো এই অঞ্চলত প্ৰয়োজনতকৈ কম আছিল । বহু প্ৰতিকূলতাৰে ভৰা এই অঞ্চলত বহু সময় ধৰি আবদ্ধ হৈ আছিল নাগৰিক কেইজন । এই অঞ্চলৰ অতিমাত্ৰা ঠাণ্ডাৰ প্ৰকোপত তেওঁলোকে ভালদৰে খোজো কাঢ়িব পৰা নাছিল ।

চীনা নাগৰিক কেইজন আবদ্ধ হৈ থকা খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ভাৰতীয় সেনা আৰু লগে লগে তেওঁলোকক যোগান ধৰে অক্সিজেনৰ । প্ৰাথমিক চিকিৎসা আগবঢ়োৱাৰ পিছত তেওঁলোকক খোৱা খাদ্যও যোগান ধৰে সেনাই ।

লগতে তেওঁলোকক গন্তব্য স্থানলৈ যাবলৈ উচিত বাট দেখুৱাই দিয়ে । উদ্ধাৰ কৰা চীনা নাগৰিক কেইজনৰ ভিতৰত আছিল দুজন পুৰুষ আৰু এগৰাকী মহিলা। চীনা নাগৰিক কেইজনে তেওঁলোকক কৰা এই সহায়ৰ বাবে ভাৰত আৰু ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে ।

Exit mobile version