নেপ’টিজমৰ সন্দৰ্ভত কি ক’লে বিশালে

vishal kotian

‘আকবৰ কা বাল বীৰবল’ৰ জৰিয়তে পুনৰ টেলিভিছনৰ পৰ্দাত দেখা পোৱা যাব বিশাল কোটিয়ানক । ইটাইমছ টিভিত Insider vs Outsider অনুষ্ঠানটোত সম্প্ৰতি চলি থকা বিষয়ৰ সন্দৰ্ভত মত প্ৰকাশ কৰে। বিশালৰ মতে নেপ’টিজমৰ বিষয়টোত জানি বুজি বিতৰ্ক কৰা হৈছে আৰু এই বিষয়টোৱে কেতিয়াও কাকো সফলতা নিদিয়ে।

লগতে কয় যে, যদি নেপ’টিজমে কেৰিয়াৰ গঢ়ি তুলিব পাৰে, তেন্তে ঋত্বিক ৰোশন বলিউডত নাথাকিল হয় আৰু অভিষেক বচ্চন তেওঁতকৈ ডাঙৰ তাৰকা হ’লেহেঁতেন। প্ৰায়১০০ বছৰৰ ওচৰা উচৰি বলিউডৰ জগতখনত হঠাৎ কিয় নেপ’টিজমৰ বিতৰ্ক আৰম্ভ হ’ল ।

কাপুৰ আৰু খান অভিনেতা অভিনেত্ৰী সকল মিডিয়া আৰু দৰ্শকৰ দ্বাৰা জনপ্ৰিয় হৈছে । এইবোৰ সকলো জানি বুজি বিতৰ্কত অনা হৈছে। নেপ’টিজমে বলিউডত কেৰিয়াৰ গঢ়িব নোৱাৰে। বলিউডত এনে বহু ষ্টাৰ কিডছ আছে, যিসকলে টাইগাৰ শ্রফৰ দৰে পৰিশ্ৰম কৰে। আপোনালোকে তেওঁলোকৰ পৰিশ্ৰমক কাঢ়ি ল’ব নোৱাৰে । এনেদৰে কয় অভিনেতা গৰাকীয়ে ।

Exit mobile version