অন্তঃসত্ত্বা পত্নীক পৰীক্ষা কেন্দ্ৰলৈ নিবলৈ ১৩০০ কিলোমিটাৰৰ দুঃসাহসিক স্কুটাৰ যাত্ৰা

Screenshot 56

অন্তঃসত্ত্বা পত্নীক পৰীক্ষা কেন্দ্ৰ পোৱাবলৈ স্কুটাৰেৰে ১৩০ কিলোমিটাৰ জোৰা এক দুঃসাহসিক যাত্ৰা কৰিলে ঝাৰখণ্ডৰ গোড্ডা জিলাৰ বাসিন্দা ধনঞ্জয়ে এই যাত্রাৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছিল ‘মাউণ্টেন মেন’ দশৰথ মাঝিৰ পৰা । ধনঞ্জয়ৰ লক্ষ্য আছিল পত্নী শিক্ষয়িত্ৰী হোৱাটো । সেয়েহে তলাবন্ধ-কৰ’না ভাইৰাছ আদিৰ দৰে সকলো বাধাক ওফৰাই ১৩০০ কিলোমিটাৰ যাত্ৰা কৰি পত্নীক পোৱাই দিলে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এটি পৰীক্ষা কেন্দ্ৰত।

এই সুদীৰ্ঘ যাত্ৰাপথ অতিক্ৰম কৰিবলৈ স্কুটাৰত ভৰাবলগীয়া হৈছিল যথেষ্ট পৰিমাণৰ পেট্ৰল। তাৰ বাবে আকৌ বিক্ৰী কৰিবলগীয়া হৈছিল পত্নীৰ গহনাও। ধনঞ্জয়ৰ পত্নী ছোনি হেমব্ৰমে ডি এল এডৰ পৰীক্ষাত বহিবলৈ আবেদন জনাইছিল , কিন্তু পৰীক্ষা কেন্দ্ৰ পৰে সুদূৰ মধ্যপ্ৰদেশত। উল্লেখ্য যে, কৰ’না ভাইৰাছৰ বাবে দেশত এতিয়াও যাত্ৰীবাহী বাহনৰ স্বাভাৱিক যাতায়ত আৰম্ভ হোৱা নাই। যাত্ৰী ৰেলৰো একে অৱস্থা। বৃত্তিত ধনঞ্জয় এজন ৰন্ধন কর্মী, কিন্তু তলাবন্ধৰ বাবে কৰ্মহীন হৈ বহি আছে ।

মধ্যপ্ৰদেশৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ ধনঞ্জয়ে তিনিদিন ধৰি স্কুটাৰ চলাবলগীয়া হৈছিল। ক’বলৈ গ’লে এই যাত্ৰা ধনঞ্জয়ৰ বাবে সুখকৰ নাছিল। তাতেই আকৌ পত্নী আছিল সাতমাহৰ অন্তঃসত্ত্বা। তদুপৰি পৰীক্ষা কেন্দ্ৰটো গৈ সঠিক সময়তে উপস্থিত হ’বগৈ লাগিব। ঝাৰখণ্ডৰ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ধনঞ্জয়ে বিহাৰ, উত্তৰপ্ৰদেশ হৈ উপস্থিত হৈছিল মধ্যপ্ৰদেশৰ গোৱালিয়ৰত।

পথছোৱাত একাধিকবাৰ প্ৰৱল বৰষুণৰ সন্মুখীন হৈছিল দুয়ো। বিহাৰ পাৰ হ’ব লগা হৈছিল বানাক্রান্ত অঞ্চলৰ মাজেৰে। এইদৰেই তিনিদিন ধৰি অতিক্ৰম কৰি গৈছিল এটাৰ পাছত আনটো বাধা। এই সমগ্র যাত্রাকালৰ কথা বৰ্ণনা কৰি ছোনি হেমব্ৰেমে ইতিমধ্যে সুকলমে পৰীক্ষা দিয়াৰ কথাও জনায়। এতিয়া শিক্ষয়িত্ৰী হৈ স্বামীৰ সপোন সফল কৰিব বিচাৰে ছোনিয়ে।

Exit mobile version