অৰুণোদয় আঁচনিৰ সন্দৰ্ভত বিজেপি চৰকাৰক কৰা সমালোচনাৰ বাবে ৰিপুণ বৰাক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে

WhatsApp Image 2020 09 06 at 7.09.40 PM

অৰুণোদয় আঁচনি সন্দৰ্ভত বিজেপি চৰকাৰক কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই কৰা সমালোচনাক আজি এক সংবাদ মেলৰ জৰিয়তে উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে l অসম ৰাজ্যিক বিজেপিৰ নৱনিযুক্ত মুখপাত্ৰ
ফণি পাঠকে আজি পাঠশালাস্থিত বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছ সভাপতি গৰাকীক চোকা মন্তব্যৰে সমালোচনা কৰাৰ লগতে তেওঁক প্ৰত্যাহ্বান জনায় ।

যি সময়ত ৰিপুণ বৰাই আগন্তুক নিৰ্বাচনৰ পিছত কংগ্ৰেছ চৰকাৰ আহিব বুলি ঘোষণা কৰি কংগ্ৰেছ চৰকাৰ আহিলে দুখীয়া পৰিয়ালক ৭৫০০ টকাকৈ দিব বুলি ঘোষণা কৰিছে তাৰ বিপৰীতে কোনো কাৰণতে অহা বাৰ কংগ্ৰেছ চৰকাৰ নাহে আৰু ৰিপুণ বৰাই তেনে চিন্তা কৰি লাভ নাই বুলি কৈ তেওঁক উভতি ধৰে বিজেপি মুখপাত্ৰ গৰাকীয়ে ।

তেওঁ পুনৰ কয় যে ৰিপুণ বৰাই দৰাচলতে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত তেওঁৰ সমালোচনাত্মক মন্তব্যৰে দুখীয়া পৰিয়াল আৰু মহিলা সকলক তাচ্ছিল্যহে কৰিছে । তেওঁৰ মন্তব্য দুৰ্ভাগ্যজনক । তেওঁৰ মন্তব্য অনুসৰি অহা নিৰ্বাচনৰ পিছত কংগ্ৰেছ চৰকাৰ অহা দূৰৰ কথা বৰং ৰিপুণ বৰা কংগ্ৰেছৰ সভাপতি হৈ থাকে নে নাথাকে নাথাকে সেয়াহে এতিয়া বিচাৰ্যৰ বিষয় বুলি দোহাৰিলে ফণি পাঠকে ।

একেলগে বিগত ১৫ বছৰীয়া শাসন কালত কংগ্ৰেছ দলে অসম খন যিমান লেতেৰা আৰু দুৰাৱস্থা কৰি গৈছে তাকে ঠিক কৰোতে বিজেপিয়ে বেছি কষ্ট কৰিবলগা হৈছে । তদুপৰি বিগত সময়চোৱাত কংগ্ৰেছ দলে যিমান সংখ্যক পাপ কৰিছে সেই সন্দৰ্ভত গংগাত গা ধুলেও কংগ্ৰেছ দলৰ পাপ খণ্ডন নহয় বুলি ব্যক্ত কৰে ফণি পাঠকে । এতিয়া ৰিপুণ বৰাৰ মহাজোঁট অনুসাৰে চৰকাৰ হ’ব বুলি কৰা ঘোষণা দূৰৈৰ কথা তাৰ বিপৰীতে ৰিপুণ বৰাই নিজে নিজেই এইবাৰ গহপুৰৰ পৰা জয়ী হৈ আহিব নোৱাৰে বুলি কৈ ৰিপুণ বৰাক প্ৰত্যাহ্বান জনায় l

Exit mobile version