কোকৰাঝাৰত নাই সামাজিক দূৰত্ব ,নিপিন্ধে মুখাঃপুনৰ দুজনৰ মৃত্যু

corona

বিটিএডি পৰিষদৰ সমাগত নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দল ব্যস্ত হোৱাৰ লগতে প্ৰতিটো সমষ্টিটে চলিছে ৰথী মহাৰথীৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইফালে কৰ’না মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে যদিও জনগণৰ মাজত কৰ’নাক লৈ কোনো সজাগতা তথা সচেতনতা ভয় একো পৰিলক্ষিত হোৱা নাই , সকলোৰে মাজত কেৱল ক্ষমতা দখলৰহে লালসা ৷ নিৰ্বাচনী প্ৰচাৰৰ নামত জলাঞ্জলী দিছে ক’ভিড ১৯ৰ সকলো নীতি নিয়ম ৷

যিয়ে ভাবুকি কঢ়িয়াই আনিছে বিটিচিৰ নিৰ্বাচন বনাম কৰ’নাৰ গণ সংক্ৰমন ৷কেৱল এয়াই নহয় কৰ’নাৰ সংক্ৰমনে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত কোকৰাঝাৰৰ সৰলপাৰাত ধাৰাবাহিক ভাবে বনভোজ অব্যাহত আছে । য’ত অসমৰ বিভিন্ন প্ৰান্তৰ জনগণে মুক্ত মনেৰে অংশ লৈছে ।

আনহাতে প্ৰাপ্ত বাতৰি মতে কোকৰাঝাৰ জিলাত কৰ’নাৰ গণ সংক্ৰমন ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷ জিলাখনত দিনে দিনে শতাধিক লোক কৰ’না পজিটিভ চিনাক্ত হৈছে ৷ যোৱা পাচঁ চেপ্তেম্বৰত ৯৫ জন কৰ’না পজিটিভ চিনাক্তই স্বাস্থ্য বিভাগক হতচকিত কৰাৰ পিছত এইবাৰ আজি পুনৰ ৬৪জন পজিটিভ চিনাক্ত হয় ৷ বৰ্তমান কোকৰাঝাৰ জিলাত কৰ’না আক্ৰান্তৰ সংখ্যা হ’ল ২১৬০ জন৷ আনহাতে কৰ’না আক্ৰান্তত হাত সাৰি যোৱা নাই কোকৰাঝাৰ ক’ভিড কেয়াৰৰ স্বাস্থ্য কৰ্মী আৰু চিকিৎসক সকলো ৷যাৰ পৰিপ্ৰেক্ষিতত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ৰ জৰুৰী অস্ত্ৰোপচাৰ কক্ষও বন্ধ হোৱা পৰিলক্ষিত হৈছে ৷

ফলত কোকৰাঝাৰত গৰ্ভৱতী মহিলাসকলৰ মাজত হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশ দৰিদ্ৰই আকৌ ব্যক্তিগত নাৰ্চিং হোমত বুজন টকাৰ অভাৱত চিজাৰিং কৰিব নোৱাৰি উপায় বিহীন হৈ পৰিছে ৷উল্লেখযোগ্য যে শুক্ৰবাৰে কোকৰাঝাৰ চহৰৰ পূৰ্ণ বৈশ্য নামৰ মহিলা এগৰাকী আৰু চহৰৰ ৰাসমন্দিৰৰ সমীপৰ সৰবৰাহী ব্যক্তি হিৰন দাসৰ গুৱাহাটীৰ আজি পুৱাই জি এম চি এইচ ত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ।ইপিনে আজি কোকৰাঝাৰ আৰ এন বি অসামৰিক চিকিৎসালয়ত ছালাকাটিৰ ইউচুফ আলী (৭১) নামৰ ব্যক্তি দুগৰাকীয়ে কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ।

Exit mobile version