গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চূড়ান্ত ষান্মাষিকৰ পৰীক্ষাৰ সূচী ঘোষণা

144067 guwahati university

কৰ’না মহামাৰীৰ বাবে স্থগিত হৈ থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ ষষ্ঠ ষান্মাষিকৰ তথা চূড়ান্ত পৰীক্ষাৰ সূচী ঘোষণা কৰা হৈছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

ADVERTISEMENT

উল্লেখ্য যে স্নাতক ষষ্ঠ ষান্মাষিকৰ তথা চূড়ান্ত পৰীক্ষাসমূহ বিগত মে’ মাহত অনুষ্ঠিত কৰা কথা আছিল যদিও কৰ’না মহামাৰী বাবে উক্ত পৰীক্ষাসমূহ স্থগিত ৰখা হয়। আনহাতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি কৰ’না মহামাৰীৰ বাবে মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে ক’ভিড প্ৰট’কল আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখি কেনেদৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি মহাবিদ্যালয়সমূহক জাননী প্ৰদান কৰা হ’ব।

ইতিমধ্যে এই সন্দৰ্ভত মহাবিদ্যালয়সমূহক প্ৰাৰম্ভিক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

Exit mobile version