চিৰাঙত আৰক্ষীৰ অভিযানত ট্ৰাক ভৰ্তি চুৰি চুপাৰী (শুকান তামোল) সহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত জনায় যে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজনী দহলা পাৰা টোল গেটত আৰক্ষীয়ে অভিযান চলাই আজি ৰাতিপুৱা ৫ বজাত চুৰি চুপাৰি কঢ়িয়াই বঙাইগাঁও জিলাৰ মানিকপুৰৰ পৰা অহা এএচ০১জেচি৮১৭১ নম্বৰৰ ট্ৰাকখন জব্দ কৰে ।
লগতে ট্ৰাক খনৰ চালক বৰপেটা জিলাৰ কলগাচিয়া বৰদৰগাহ চৰ্চৰীয়াৰ মজিবুল ইচলাম(২২) আৰু বৰপেটা কলহভাঙাৰ খালাচি ইমৰান হুচেইন(২০) ক গ্ৰেপ্তাৰ কৰিছে । গাড়ীখনত নথিবিহীন ৮০ বস্তা চুপাৰী আছিল । এই সমূহ চুৰি চুপাৰী অবৈধ ভাৱে চুৰি চক্ৰৰ সৈতে মিলি ব্যৱসায় কৰাৰ আৰক্ষীয়ে সন্দেহ কৰিছে ।
ইয়াৰ উপৰিও তেওঁলোকে ক’ৰ পৰা কিদৰে আনিছে কোনো নথি দেখুৱাব পৰা নাছিল । এই সন্দৰ্ভত বিজনী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪২০/৪১১/৩৪ ধাৰা অনুসৰি ৩১৭/২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।