পিএমএৱাইজিৰ অতিৰিক্ত তালিকাত নাম থকা দুখীয়া লোকসকলে আধাৰকাৰ্ড পোৱাটো নিশ্চিত কৰা হ’ব”- নৱ দলে

baba

নামনি অসম ভ্ৰমণসূচীৰ দ্বিতীয় দিনা আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত উপস্থিত হৈ জিলা পৰিষদৰ নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যালয় ভৱনটিৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত সকলোকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা উপযুক্ত সকলো লোকে লাভ কৰাৰ ক্ষেত্ৰত সমূহীয়া প্ৰচেষ্টা ল’বৰ বাবে আহ্বান জনায় মন্ত্রীগৰাকীয়ে।

আনহাতে, ৭৫ হাজাৰ টকীয়া আই এ ৱাই ঘৰৰ ঠাইত ১ লাখ ৩০ হাজাৰ টকীয়া আৱাস গৃহৰ ব্যৱস্থা কৰি গৃহহীন তথা জৰাজীৰ্ণ ঘৰত বাস কৰা দেশৰ প্ৰতিটো দুখীয়া পৰিয়ালসকলক ২০২২ৰ ভিতৰত একোটি গৃহ প্ৰদানৰ বাবে নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা লক্ষ্যৰ কথা দোহাৰি অসমৰ এনে প্ৰতিটো পৰিয়ালে এই আৱাস গৃহ লাভ কৰাৰ প্ৰতি ৰাজ্য চৰকাৰ সদা সচেতন আৰু দায়বদ্ধ বুলি উল্লেখ কৰে।

ইয়াৰোপৰি অতিৰিক্ত তালিকাত নাম থকা সকলে আধাৰ কাৰ্ড নাপাব বুলি আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে জিলা উপায়ুক্তসকলক এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে আৰু প্ৰতিখন পঞ্চায়ততে আধাৰ কেন্দ্ৰ স্থাপনৰ দিহা কৰা হৈছে। আধাৰশিলা স্থাপনৰ সময়ত উপস্থিত থাকে মানকাচৰ বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, বিভাগৰ প্ৰধান সচিব ডাঃ জে বি এক্কা, আয়ুক্ত হেমেন দাস, জিলা উপায়ুক্ত গুৰুদ্বীপ সিং আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অতিৰিক্ত মিছন সঞ্চালক ক্ষীতিশ পেগু।

Exit mobile version