বিজেপিৰ আধাৰশিলাৰ ৰাজনীতি পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2020 09 06 at 6.35.53 PM

সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি পশ্চিম কাৰ্বি আংলঙত আৰম্ভ হৈছে বিজেপিৰ আধাৰশিলাৰ ৰাজনীতি । দেওবাৰে ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বেয়ে বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপিক লগত লৈ স্থাপন কৰে পথৰ আধাৰশিলা ।

উল্লেখযোগ্য যে এছ অ পি ডি আঁচনিৰ অধীনত কাৰ্বি পৰিষদৰ কঁপিলী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংথাত গাওঁ-আমলেট গাওঁ সংযোগী ১৪ কিলোমিটাৰ দৈঘ্যৰ এই পথ নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰায় ১০ কোটি টকা আৱণ্টিত কৰা হৈছে বুলি উল্লেখ কৰে সাংসদ হৰেন ছিং বেয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে বিধায়কৰ উপস্থিতিত সাংসদ হৰেন ছিং বেয়ে স্থাপন কৰে পথৰ এই আধাৰশিলা।

ইপিনে আধাৰশিলা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণৰ পাছতেই জৰাজীৰ্ণ পথৰ সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি অঞ্চলটোৰ ৰাইজ আনন্দিত হোৱাৰ লগতে পথ নিৰ্মাণক লৈ এক স্বস্তিৰ নিশ্বাস পেলাইছে বৃহত্তৰ অঞ্চলবাসীয়ে।

আনহাতে আধাৰশিলা স্থাপন কাৰ্যসূচীক লৈ অনুষ্ঠিত কৰা সভা আৰু সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সমাগত বিধানসভা নিৰ্বাচনত বৈঠালাংছ’ বিধানসভা সমষ্টিত পুনৰ বিজেপিয়ে আসন দখল কৰিব বুলি মন্তব্য কৰে সাংসদ হৰেন ছিং বেয়ে।

Exit mobile version