এন্টিবডীয়ে কৰ’না ভাইৰাছক ধ্বংস কৰাটো নিশ্চিত নহয় : বিজ্ঞানী

coronavirus4m utz5jt

ভাৰতত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪২লাখৰো অধিক অতিক্ৰম কৰিছে । বিজ্ঞানী সকলে কৰ’না ভাইৰাছৰ ভেকচিনৰ বাবে দিনে -নিশাই গৱেষণা কৰি আছে । বিজ্ঞানী সকলৰ মতে বৰ্তমান এন্টিবডীয়ে ‘ছাৰ্চ-অভি ২’ ভাইৰাছ নিঃশেষ কৰিবলৈ নোৱাৰে । বিজ্ঞানী সকলে এই সন্দৰ্ভত গৱেষণা চলাই আছে ।

বিজ্ঞানী সকলৰ মতে এন্টিবডী কেনেকুৱা প্ৰকাৰৰ আৰু কিমান পৰিমাণৰ অৰ্থাৎ কিমান সময়লৈ থাকিব সেইটো ওপৰতহে নিৰ্ভৰ কৰে । নতুন দিল্লীৰ ‘ ইনষ্টিটিউট অৱ’ বিজ্ঞানীৰ মতে এন্টিবডীৰ উপস্থিতিয়ে মানৱ শৰীৰত ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কিমান দূৰ কাৰ্যকৰী হ’ব সেইটো ক’ব পৰা নাযায় ।

আনহাতে ,পুনেৰ আই আই এছ এ আৰ ৰ বিনীতা ৱালে জনোৱা অনুসৰি তেজত কৰ’না ভাইৰাছৰ কোষ সমূহ ধ্বংস কৰাত সহায়ক হোৱা এন এবি এছে শৰীৰত কৰ’না ভাইৰাছৰ প্ৰৱেশক বাধা দিয়ে । তেওঁৰ মতে এন্টিবডীয়ে ভাইৰাছৰ উপস্থিতি ৰ সংকেত দিয়ে কিন্ত এই ভাইৰাছ সংক্ৰমিত হোৱাত সম্পূৰ্ণ ৰূপে বাধা নিদিয়ে । গতিকে বিজ্ঞানী সকলৰ মতে এন্টিবডীয়ে কৰ’না ভাইৰাছক সম্পূৰ্ণ ৰূপে ধ্বংস কৰিব নোৱাৰে ।

Exit mobile version