কোকৰাঝাৰত কৰ’নাক গৌণ কৰি ক্ষমতা দখলৰ যুঁজঃ সংক্ৰমণ বৃদ্ধি

3coronavirus 82

কোকৰাঝাৰকে ধৰি বিটিএডিৰ জিলাকেইখনতো কৰ’নাৰ সংক্ৰমণে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে কে’বাজনো লোকৰ মৃত্যু হৈছে ৷ স্বাস্থ্য বিভাগে ৰাইজ তথা দল সংগঠনবোৰক কৰ’না প্ৰতিৰোধী নীতিনিয়ম পালন কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে যদিও সেইবোৰলৈ অংগুষ্ঠ দেখুৱাই বিশেষকৈ কোকৰাঝাৰত বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ জড়িতে ক্ষমতা দখলৰ যুঁজ চলিছে বিভিন্ন ৰাজনৈতিক দলৰ মাজত ৷

নিৰ্বাচনী সভাবোৰত কোনো স্বাস্থ্য বিধি নমনাকৈ সমবেত হৈছে হেজাৰ হেজাৰ লোক ৷নীতি নিয়ম পালনৰ পৰা বিৰত আছে অধিকাংশ নেতাও ৷ কেৱল এয়াই নহয় কোকৰাঝাৰৰ সৰলপাৰাত ধুমধামেৰে বনভোজ চলিছে ৷ এনে পৰিবেশৰ মাজত কোকৰাঝাৰত কৰ’নাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

কোকৰাঝাৰত এই পৰ্যন্ত ২,১৬০ জন লোক আক্ৰান্ত হৈছে ৷ স্বাস্থ্যকৰ্মী আৰু চিকিৎসকো আক্ৰান্ত হৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আৰ এন বি চিকিৎসালয়ত জৰুৰী অস্ত্ৰোপচাৰো বন্ধ হৈ গৈছে ৷ ইয়াৰ ফলত গৰ্ভৱতী মহিলাসকলৰ মাজত হাহাকাৰ লাগিছে ।

দুখীয়া দৰিদ্ৰ লোকসকলে ব্যক্তিগত চিকিৎসালয়লৈ যোৱাত অপৰাগ হোৱাত তেওঁলোকৰ অৱস্থা অধিক কাহিল হৈছে ৷ কিন্তু এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি কাৰো দায়বদ্ধতা নাই ৷ সকলো ব্যস্ত ৰাজনৈতিক ক্ষমতা দখলৰ দৌৰত।

Exit mobile version