বাঘজানৰ অভিশপ্ত তৈল খাদৰ পৰা অইলৰ খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাম আৰম্ভ

1594144430 b33e011a 5d75 4e79 abfd 438c39326287

অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ ভুলৰ বাবে যোৱা ২৭ মে’ত গেছ কূপ বিস্ফোৰণ ঘটি ৯ জুনত ভয়ংকৰ অগ্নিকাণ্ডই অগ্নিকুণ্ডলৈ পৰ্যবেসিত কৰি তোলা তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱস্থিত অইলৰ বি জি আৰ-৫ নং তৈল খাদৰ বিধ্বংসী জুইকুৰা নিৰ্বাপিত কৰাৰ নামত অইল কৰ্তৃপক্ষৰ চূড়ান্ত মিথ্যাচাৰ পোহৰলৈ আহিছে ৷

অভিশপ্ত তৈল খাদটোৰ ৱেল হে’ডত যোৱা ১৭ আগষ্টত ব্ল-আউট প্ৰিভেন্টাৰ (বিঅ’পি) স্থাপন কৰিবলৈ সক্ষম হোৱা ছিংগাৰপুৰৰ মেচাৰ্চ এলাৰ্ট ডিজাষ্টাৰ, অএনজিচি’ৰ নাজিৰা আৰু বড়োদা ডিভিজনৰ অভিজ্ঞ বিশেষজ্ঞ দলটোৱে ১৮ আগষ্টত খাদটো ’কিলিং’ অপাৰেচনত ব্যৰ্থ হোৱাৰ পিছত বিশেষজ্ঞ দলটোৱে আজি পুৱা ৯.২৫ বজাত তৈল খাদটোত বাইপাছ পদ্ধতিৰে দাওদাওকৈ জ্বলি থকা জুইকুৰা বিঅ’পিটোৰ পৰা ১০০ মিটাৰ দূৰলৈ আতৰাই নিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে তৈল খাদটোৰ পূৱ, পশ্চিম আৰু দক্ষিণ দিশত তিনিটা বাইপাছৰ দ্বাৰা বিধ্বংসী জুইকুৰা আতৰাই নি চতুৰ্থটো বাইপাছৰ দ্বাৰা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাৰিকৰী পদ্ধতি সফল কৰি তুলিবলৈ সক্ষম হয় ৷ মনকৰিব লগীয়া যে বিশেষজ্ঞ দলটোৱে আজি চতুৰ্থটো বাইপাছ পদ্ধতিৰে উক্ত তৈল খাদটোত যোৱা ৯ জুনৰ পৰা অহৰহে নিৰ্গত হৈ থকা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ সংৰক্ষণৰ কাৰিকৰী ব্যৱস্থা সম্পন্ন কৰি তোলে ৷

বিশেষজ্ঞ দলটোৱে আজি পুৱা ১০ বজাত উক্ত তৈল খাদটোৰ পৰা চাৰি কিলোমিটাৰ নিলগত অৱস্থিত অইলৰ বাঘজান গাঁওস্থিত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ সংৰক্ষণৰ ভাণ্ডাৰ ইপিএছটোলৈ ৪.৫ ইঞ্চি পাইপেৰে খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ বাইপাছ কৰি উৎপাদন ক্ষমতা আৰম্ভ কৰিলে ৷ উল্লেখ যে দাওদাওকৈ জ্বলি থকা জুইকুৰা বাইপাছ কৰিবলৈ সক্ষম হোৱা অইল কৰ্তৃপক্ষই নিজৰ মুনাফা দিশটো আগত ৰাখি আজি বি জি আৰ-৫ নং তৈল খাদৰ পৰা বাঘজান গাঁৱৰ মাজেৰে ইপিএছটোলৈ পাইপেৰে খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন কাম আৰম্ভ কৰা ঘটনাই বাঘজানবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হয় ৷

তৈল খাদটোৰ জুইকুৰা নিৰ্বাপনৰ নামত অইল কৰ্তৃপক্ষই মিথ্যাচাৰ সহায় লৈ জুই জ্বলি থকা তৈল খাদটোত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন কৰি মুনাফা লুটাৰ গোপন অভিসন্ধিত লিপ্ত হৈছে বুলি বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজে ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷ মনকৰিব লগীয়া বি জি আৰ-৫ নং তৈল খাদৰ ডেমেজ অইল পাইপডালৰ ৱেল হে’ডটোৰ তলত অএনজিচি’ৰ বিশেষজ্ঞ দলটোৱে অলপতে চিমেন্টটিং কৰি সংস্থাপিত ব্ল-আউট প্ৰিভেন্টাৰটোৰ ওপৰত টিংপাতেৰে এটা ছাতি সাজি লৈছিল ৷

একেসময়তে তৈল খাদটোৰ পৰা ইপিএছটোলৈ বাইপাছ পাইপ লাইনটো সংযোজন কৰি দুদিন পূৰ্বে ইপিএছলৈ কেমিকেল বাইপাছ পৰীক্ষণ সম্পন্ন কৰিছিল ৷ অইল কৰ্তৃপক্ষই আজি জুইকুৰা বাইপাছ কৰি তৈল খাদটোত খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদনৰ কাম আৰম্ভ কৰা সমান্তৰালভাৱে অইল কৰ্তৃপক্ষই বাঘজানত আজি তৈল খাদটো ’কিলিং’ অপাৰেচনৰ বাবে ভূমি (মাটি) বিছাৰি আশ্ৰয় শিবিৰত কৃষক ৰাইজক সাক্ষাৎ কৰে ৷

অইল কৰ্তৃপক্ষই বিস্ফোৰিত তৈল খাদটোৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতি গেছ উৎপাদন আৰম্ভ কৰা সময়তে উক্ত তৈল খাদটো ’কিলিং’ কৰিবলৈ চাইড ডিলিংৰ বাবে মাটি বিছৰা ঘটনাটোৱে খাদটোৰ জুইকুৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহলৈকে জ্বলি থাকিব তাকে প্ৰমাণিত কৰি দিছে ৷অৰ্থাৎ অইল কৰ্তৃপক্ষই বাঘজানত কৃষক ৰাইজৰ বৃহৎ ভূমি অধিগ্ৰহণ কৰিবলৈ আগবাঢ়িছে তাকে প্ৰমাণ কৰি দিলে ৷

অইল কৰ্তৃপক্ষৰ ভুলৰ বাৱেই যোৱা ৯ জুনত তৈল খাদটোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত অইলৰ দুজনকৈ কৰ্মচাৰী মৃত্যুৰ মুখত পৰাৰ লগতে বাঘজান গাঁৱৰ ১২ টা পৰিয়ালৰ বাসগৃহ ভস্মীভূত কৰি তুলিলে বুলি ক্ষতিগ্ৰস্ত ৰাইজে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুন্ন হৈ থকা সময়তে অইল কৰ্তৃপক্ষই তৈল খাদটোত উৎপাদন আৰম্ভ কৰি কৃষকৰ মাটি ক্ৰয় কৰিবলৈ আগবঢ়া ঘটনাই ক্ষতিগ্ৰস্ত ৰাইজক অধিক ক্ষুন্ন কৰি তুলিছে ৷

অইল কৰ্তৃপক্ষৰ ভুলৰ বাবেই তৈল খাদটোৰ জুইয়ে বাঘজান গাঁৱত কৃষকৰ ঘৰবাৰী, জলাশয় আৰু পখী উদ্যান মাগুৰি-মটাপুং বিলত অগ্নিসংযোগ ঘটিবলৈ পালে বুলি অভিযোগ উস্থাপিত হোৱাৰ সময়তে অইল কৰ্তৃপক্ষই বি জি আৰ-৫ নং তৈল খাদৰ জুইকুৰা নিৰ্বাপনৰ নামত বাঘজানত ভূমি অধিগ্ৰহণ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বাঘজানবাসীয়ে ৷ ক্ষতিগ্ৰস্ত ৰাইজে অভিযোগ কৰা মতে অভিশপ্ত তৈল খাদটো ’কিলিং’ অপাৰেচনৰ অচিলা লৈ অইলে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বাঘজান আৰু বাৰেকুৰি অঞ্চল আৰু ইয়াৰ আশেপাশে ২৬০ টা তৈল খাদ স্থাপনৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছে ৷

Exit mobile version