মহামাৰী কৰ’নাৰ আতংক : এই সময়ছোৱাত আপোনাৰ সন্তানৰ যত্ন ল’ব কেনেকৈ ?

Home With Kids Blog MainArticleImage

সমগ্ৰ বিশ্বতে কৰ’নাই আতংকৰ সৃষ্টি কৰিছে আৰু বহু ক্ষেত্ৰক ই প্ৰভাৱিত কৰিছে । মহামাৰীয়ে তচনচ কৰি পেলোৱা দেশৰ অৰ্থনীতিকে ধৰি সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত বহু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। তলাবন্ধৰ প্ৰভাৱত আনুষ্ঠানিক শিক্ষাব্যৱস্থা বন্ধ হৈ থকাত বহু লোকচানৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল ।

এই সময়ছোৱাত তেওঁলোকৰ মানসিক আৰু শাৰিৰীক স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিদ্যালয় বন্ধৰ সময়ছোৱাত ঘৰতে থাকি কেনেদৰে সময় পাৰ কৰিব পাৰিব আৰু অভিভাৱকে কেনেদৰে সন্তানটিৰ যত্ন ল’ব তাৰ কিছু চমু আভাস তলত উল্লেখ কৰা হ’ল –
ঘৰৰ ভিতৰতে নতুন গতিশীলতা : কৰ’না মহামাৰীৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ লগত অধিক সময় কটাবলৈ সুবিধা পাইছে। এই সময়ছোৱাত শিশুৰ আচৰণগত সমস্যাৰ প্ৰতি চকু ৰাখি তেঁওলোকক ধৈৰ্য্য আৰু মৰমেৰে বুজনি দিব লাগে।
আনুষ্ঠানিক শিক্ষাৰ বিকল্প : ঘৰত থাকি গ্ৰহণ কৰা অনলাইন শিক্ষা আৰু শ্ৰেণীকোঠাৰ শিক্ষাৰ মাজত বহু পাৰ্থক্য আছে। ঘৰত অনুকূল অধ্যয়নৰ বাবে থকা এক বিশেষ স্থানে কোনো এজন ছাত্ৰ বিচলিত হোৱাৰ পৰা মুক্ত হ’বলৈ আৰু তেওঁৰ ধ্যান অধ্যয়নত কেন্দ্ৰ কৰিবলৈ সহায় কৰে । অন্যহাতে এই সময়ছোৱাত চকুৰ যত্ন লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ যাতে অনলাইন ক্লাছ গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। ইয়াৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে বুজি পাব লাগিব যে, অনলাইন শিক্ষা প্ৰদান কৰা বহু শিক্ষকৰ এই ক্ষেত্ৰত কোনো অভিজ্ঞতা নাই, গতিকে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকক সহযোগিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
সামাজিক জীৱনৰ সীমাবদ্ধতা : সামাজিক দূৰত্বই সামাজিক বিচ্ছিন্নতাক নুবুজায়। বিদ্যালয় বন্ধ থাকিলেও তেওঁলোকক এটা স্বাস্থ্যকৰ সামাজিক জীৱন বৰ্তাই ৰখাটো জৰুৰী । সহপাঠী বা বন্ধুবৰ্গৰ স’তে সময় কটোৱাটো প্ৰয়োজনীয়। এই সময়ছোৱাত তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদিও বন্ধুবৰ্গৰ স’তে সময় কটাব পাৰে।
নিজৰ যত্নৰ ওপৰত অধিক গুৰুত্ব দি ব্যক্তিগত ৰুটিন প্ৰস্তুত কৰা : ঘৰত থকাৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত ৰুটিনত গুৰুত্ব দিব লাগে। শোৱাৰ সময়কে ধৰি ব্যায়াম, খাদ্যৰ নিয়মীয়া তালিকা, অধ্যয়নৰ সময়, গৃহকার্য, জিৰণি আৰু ব্যক্তিগত কামৰ সময়ৰ এখন ৰুটিন প্রস্তুত কৰাটো আৱশ্যকীয়।

Exit mobile version