নাওবৈচাত কৰ’নাত আক্ৰান্ত যুৱকৰ আত্মহত্যা

suicide representation

লখিমপুৰ জিলাৰ নাওবৈচাৰ এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীয়ে আত্মহত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । নাওবৈচাৰ কলাখোৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা । জানিব পৰা মতে, কলাখোৱা গাঁৱৰ অবিনাশ বিশ্বাস(২৭) নামৰ যুৱকজনে যোৱা ৫ ছেপ্টেম্বৰত নাওবৈচাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত কৰ’না ভাইৰাছৰ ৰেপিড এণ্টিজেন টেষ্ট কৰাইছিল । টেষ্টত প্ৰথমাৱস্থাত ফলাফল নিগেটিভ ওলোৱাত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

কিন্তু আশ্বৰ্যজনকভাৱে ৭ ছেপ্টেম্বৰত অৰ্থাৎ সোমবাৰে পুনৰ একেটা পৰীক্ষাৰ ফলাফল পজিটিভ আহে ৷ পৰিয়াল আৰু স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি তীব্ৰ মানসিক চাপত পৰিয়েই আজি পুৱাৰ ভাগত যুৱকজনে গৃহৰ সমীপৰ এজোপা গছত চিপ লৈ আত্মহত্যা কৰে । পৰিয়ালৰ লোকে স্বাস্থ্য বিভাগৰ চূড়ান্ত হেমাহিৰ বাবেই যুৱকজনে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ।

Exit mobile version